• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগীত প্ৰকৃততে কি ঘটিছিল? এই মাৰাত্মক ভুল কৰ্তৃপক্ষ নে চৰকাৰৰ!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 3:47 pm
6 from Lakhimpur among Nizamuddin Tablig returnee

নিজামুদ্দিন মাৰ্কাজৰ ছবি, সৌজন্য- ইন্টাৰনেট

16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক’ৰ’না ভাইৰাছে সংহাৰ চলাই থাকোতে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে।

ইতিমধ্যে তবলিগী জামাত অংশগ্ৰহণ কৰা কেইহাজনো লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

Apply Now

দেশৰ সংবাদ মাধ্যমৰ লগতে দেশৰ চৌদিশে এই কাৰ্যসূচীক লৈ বিভিন্ন ধৰণৰ অপ্ৰচাৰৰ চলাও দেখা গৈছে। অধিকাংশই ক’ব খুজিছে যে দেশত ২১ দিনীয়া ল’কডাউন অব্যাহত থাকোতে কেনেকৈ চৰকাৰৰ অলক্ষিতে এই ধৰ্মীয় অনুষ্ঠান সম্পন্ন হ’বলৈ পালে?

সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক ৰং দিয়াৰো অপপ্ৰচেষ্টা দেখা গৈছে। প্ৰকৃততে কি ঘটিছিল নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাত!

ক’ৰ’নাতংকৰ বাবে দেশত ২২ মাৰ্চত জনতা কাৰ্ফিউ আৰু ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ বহুদিন পূৰ্বে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগী জামাত আৰম্ভ হৈছিল।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১৬ মাৰ্চত সকলোধৰণৰ ধৰ্মীয়, সমাজিক ও ৰাজনৈতিক সমাৱেশ নিষিদ্ধ ঘোষণা কৰাৰ পূৰ্বে যোৱা ১৩ মাৰ্চত উক্ত ধৰ্মীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দেশ-বিদেশী ৩৪০০ ৰো আধিক লোক সমবেত হৈছিল।

ইয়াৰ পিছতে ২০ মাৰ্চত ১০ জন ইন্দোনেচিয়ান নাগৰিকে আহি উক্ত কাৰ্যসূচী যোগদান  কৰে আৰু পৰৰ্ৱতী সময়ত তেলেংগানাত সেই আটাইকেইজন লোকৰ শৰীৰত COVID19 পজিটিভ পোৱা গৈছে।

২৩ মাৰ্চত নিজামুদ্দিনৰ পৰা ১৫০০ লোক গুচি যায়। ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন ঘোষণা কৰাৰ ফলত বাকীসকল লোক নিজামুদ্দিনতে আৱদ্ধ হৈ পৰে।

আনহাতে সেইদিনাই দিল্লী আৰক্ষীয়ে নিজামুদ্দিন খালি কৰিবলৈ নিৰ্দেশ দিয়ে। লোকসকল তাতে আৱদ্ধ হৈ পৰে, কাৰণ ২২ মাৰ্চৰ পৰা দেশত ৰে’ল সেৱা বন্ধ কৰা হয়।

২৫ মাৰ্চত ল’কডাউন অৱমাননা কৰি আৱদ্ধ হৈ থকা ১০০০ লোকক তাৰ পৰা নিয়াৰ বাবে গাড়ীৰ ব্যৱস্থা কৰিবলৈ জামাত কৰ্তৃপক্ষই SDM কাৰ্যালয়ত গৈ এখন আবেদন পত্ৰ দাখিল কৰে।

২৬ মাৰ্চত SDM এ গৈ মাৰ্কাজ পৰিভ্ৰমণ কৰি জামাতৰ কৰ্তৃপক্ষ আৰু জিলা দণ্ডাধীশৰ সৈতে যুটীয়া বৈঠকত অংশগ্ৰহণ কৰে।

সেইদিনাই তবলিগীত অংশগ্ৰহণ কৰা এজন কাশ্মিৰীৰ লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যু হয়।

২৭ মাৰ্চত তবলিগীত অংশগ্ৰহণ কৰা আন ৬ জন লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ সন্দেহত স্বাস্থ্য পৰীক্ষা কৰি হাৰিয়ানাৰ ঝাজাৰত কোৱাৰেণ্টাইন কৰা হয়।

২৮ মাৰ্চত SDMৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ এটা দলে মাৰ্কাজ পৰিভ্ৰমণ কৰি ৩৩ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰি দিল্লীৰ ৰাজীৱ গান্ধী কেঞ্চাৰ হাস্পতালত আইচ’লেশ্যনত ৰাখে।

সেইদিনাই লাজপত নগৰৰ ACPএ শীঘ্ৰেই মাৰ্কাজ খালি কৰিবলৈ আন এখন পত্ৰ প্ৰেৰণ কৰে।

২৯ মাৰ্চত মাৰ্কাজৰ কৰ্তৃপক্ষই ACPৰ পত্ৰখন গ্ৰহণ কৰি জনাই যে ল’কডাউন জাৰি কৰাৰে পৰা তাত কোনো লোকক সমবেত হোৱাৰ লগতে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

সেইদিনাই দিল্লী আৰক্ষী আৰু স্বাস্থ্য বিভাগে মাৰ্কাজৰ পৰা লোকসকলক উলিয়াই আনি চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰে।

আনহাতে দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে যোৱা ২৩ আৰু ২৮ মাৰ্চত মাৰ্কাজ কৰ্তৃপক্ষক ব্যৱস্থা ল’বলৈ দুখন জাননী জাৰি কৰা হৈছিল তেওঁলোকে কোনো সঁহাৰি দিয়া নাছিল।

ইফালে মচজিদ কৰ্তৃপক্ষই জানিবলৈ দিছে যে তেওঁলোক তাত সমাৱেশ ঘটা লোকসকলক ঘৰলৈ প্ৰেৰণ কৰিবলৈ গাড়ী চলাচলৰ অনুমতি বিচাৰি আৰক্ষী তথা চৰকাৰক অনুৰোধ জনায় পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু আৰক্ষী তথা চৰকাৰে তেওঁলোকক ল’কডাউন অব্যাহত থকাত সেই অনুমতি প্ৰদান নকৰিলে।

এক সূত্ৰ প্ৰকাশ যে যোৱা ২৩ মাৰ্চত মাৰ্কাজৰ পৰা প্ৰায় ১৫০০ লোক নিজৰ গৃহাভিমুখে যাত্ৰা কৰিছে।

তেওঁলোকৰ কিমানজনৰ শৰীৰত COVID19 দ্বাৰা আক্ৰান্ত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd