• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘আত্মসমৰ্পন নহয়, যুদ্ধ বিৰতিহে’; পুলিচেই পলুৱাই পঠিয়াইছিল দুৰ্ধৰ্ষ NLFB নেতা এম বাথাক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 23, 2021 8:50 pm
batha
476
VIEWS
Share on FacebookShare on Twitter

কালি অৰ্থাৎ বৃহস্পতিবাৰে ২২ NLFB নেতাই আত্মসমৰ্পন কৰা বুলি ঢাক ঢোল বজাই প্ৰচাৰ চলোৱাৰ বিপৰীত ছবি পোহৰলৈ আহিল এম বাথাৰ এক মন্তব্যৰ পাছত। পিছে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবেহে যুদ্ধ বিৰতি ঘোষণা NLFB ৰ গৰাকী কেডাৰৰ।

শুকুৰবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এক সৌজন্যমূলক সাক্ষাতৰ পূৰ্বে সংবাদ মাধ্যমৰ কেমেৰাৰ আগত মহাবিস্ফোৰণ ঘটায় NLFB প্ৰধান এম বাথাই।

তেওঁৰ মতে আৰক্ষীয়েই তেওঁক পুনৰ পলায়ন কৰাত সহায় কৰিছিল।‘

‘মোক পুলিচে পলাবলৈ দিছিল। মোৰ লগত দুটা পুলিচ দিয়া হৈছিল কিন্তু ৩ জানুৱাৰীৰ দিনা ৰাতি ১২ টাত মোক পলাবলৈ  দিছিল, মই পলাইছো।‘ সংবাদ মাধ্যমৰ আগত এই মহা বিস্ফোৰণ ঘটাই NLFB প্ৰধান এম বাথাই।

ইপিনে, শীৰ্ষ আৰক্ষীয়ে তেওঁক কুকুৰক কৰা ব্যৱহাৰৰ দৰে কৰা বুলি গুৰুতৰ অভিযোগ তুলি বাথাই কয় ‘যোৱা বাৰ আমাক ইমান সন্মান দিছিল। তাৰ পাছত কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে পুলিচে, কুকুৰ-মেকুৰীৰ দৰে গালি দিছিল। মাহত তিনি-চাৰিবাৰ ৰাতি ১২ বজাতো ঘৰৰ পৰা উঠাই লৈ আনে। ৰাণীখাটাৰ সেইসময়ৰ অ’চিয়ে মোক ৰাতি ১২ বজাত পলাবলৈ দিছে। IGP আগৰৱালাৰ ফৰ্মুলা নে SP ৰ ফৰ্মুলাত কিয় ৰাভা অ’চিয়ে পলাবলৈ দিছিল? তেওঁলোকৰ ব্যৱহাৰো ভাল পোৱা নাছিলো।’

ইপিনে, বাথাক কিয় পুনৰ পলুৱাই পঠিওৱা হৈছিল সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

ইপিনে, আত্মসমৰ্পন কৰা নাই বুলি স্পষ্ট কৰি দি বাথাই আৰু কয় ‘আমাৰ জেইলত যিকেইজন নেতা আছে তেওঁলোকক মুক্তি দিয়া আৰু বিটিআৰ চুক্তিৰ বাকী দফা কাৰ্যকৰী  কৰিব লাগিব। তেতিয়ালৈকে আমি যুদ্ধ বিৰতি ঘোষণা কৰিছো।‘

তদুপৰি, বাথাৰ লগত এতিয়াও ২০০ গৰাকী NLFB কেডাৰ থকা বুলি উল্লেখ কৰে বাথাই।

ইয়াৰ লগতে তেওঁ কয় ‘মই য’ত আছিলো তাত এতিয়ালৈকে অপাৰেশ্যন চলাবই পৰা নাই। মই ম্যানমাৰ-নাগালেণ্ড সীমান্তত আছিলো।‘

Recent News

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd