পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীত কোকৰাঝাৰত  জংগী আন্দোলনৰ হুংকাৰ

কেন্দ্ৰীয় চৰকাৰে বিগত ২০০৪ চনৰ জানুৱাৰী মাহৰ পৰা পুৰণি পেন্সন ব্যৱস্থা বাতিল কৰি নতুনকৈ ৰাষ্ট্ৰীয় পেন্সন ব্যৱস্থা গ্ৰহণ কৰাত প্ৰতিবাদত মুখৰ হৈ পৰিছে “পুৰণি পেন্সন বাহাল ৰাষ্ট্ৰীয় আন্দোলন” চমুকৈ NMOPS ৰ অসম ৰাজ্যিক সমিতি ৷

কোকৰাঝাৰ চহৰৰ ছোৱালী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি NMOPS ৰ অসম ৰাজ্যিক সমিতিৰ প্ৰথম দ্বি-বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি শতাধিক কৰ্মচাৰী প্ৰতিনিধিৰ উপস্থিতিত পুৰণি পেন্সন ব্যৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰা হয় ৷

নতুন পেঞ্চন নীতিয়ে কৰ্মচাৰীক মাধমাৰ শোধাইছে আৰু  বৃদ্ধ জীৱনৰ সুৰক্ষা চৰকাৰে কাঢ়ি লোৱাৰ গুৰুতৰ অভিযোগ তোলে প্ৰতিনিধিসকলে । সভাত

নতুন পেঞ্চন নীতিৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ ভাবুকি দিয়ে NMOPS ৰ অসম ৰাজ্যিক সমিতিয়ে।

দেশত সাত কোটি কৰ্মচাৰীৰ ভোট আছে, গতিকে কৰ্মচাৰীয়ে চৰকাৰ বনাবও পাৰে , ভাঙিবও পাৰে বুলি হুংকাৰ দিয়ে NMOPS ৰ অসম ৰাজ্যিক সমিতিয়ে ৷