ডিব্ৰুগড়ৰ ভূমিৰ তথ্য জালিয়াতিৰ গোচৰত অভিযুক্ত চাৰিজনৰ জামিন নাকচ

Court-handle-1140x570

প্ৰতিনিধিত্বমূলক ফটো

ডিব্ৰুগড়ৰ ভূমিৰ তথ্য জালিয়াতিৰ এক গোচৰত অভিযুক্ত চাৰিজন ব্যক্তিক জামিন দিবলৈ সোমবাৰে আদালতে অস্বীকাৰ কৰে।

অভিযুক্ত চাৰিজন ব্যক্তি মৃগেন্দ্ৰ জালান, নেমচান্দ কেজৰিৱাল, সাৰদা কেজৰিৱাল আৰু অনিল কেজৰিৱালে সোমবাৰে ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত জামিনৰ বাবে আবেদন জনাইছিল।

অৱশ্যে, আদালতে আৰক্ষীক কেচ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে অহা ২৩ মে’ৰ দিনটো পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। তেতিয়ালৈকে গোচৰটোত অভিযুক্তসকল ন্যায়িক জিম্মাতে থাকিব লাগিব।

আৰক্ষী সূত্ৰ অনুসৰি, জালা ন ইণ্ডাষ্ট্ৰিজৰ আইন সম্পৰ্কীয় দিশবোৰ চোৱাচিতা কৰা অধিবক্তা ৰাজকুমাৰ কেজৰিৱাল পলাতক হৈ আছে।

ডিব্ৰুগড়ৰ এগৰাকী প্ৰসিদ্ধ চাহ খেতিয়ক মৃগেন্দ্ৰ জালানক আন চাৰিজনৰ সৈতে ভূমিৰ তথ্য জালিয়াতিৰ এক গোচৰত যোৱা শনিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন লোককেইজন হৈছে নেমচান্দ কেজৰিৱাল, সাৰদা কেজৰিৱাল, অনিল কেজৰিৱালে আৰু অধিবক্তা স্বাগত কুণ্ডু পাল।

আনহাতে, মৃগেন্দ্ৰ জালানৰ গ্ৰেপ্তাৰে ডিব্ৰুগড়ৰ ৰাইজক আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ এগৰাকী জ্যেষ্ঠ উপ পঞ্জীয়কে চহৰখনৰ এটুকুৰা মাটি এক ভুৱা আপত্তি বিহীন প্ৰমাণপত্ৰ (এন অ’ চি) দাখিল কৰি বিক্ৰী কৰাৰ অভিযোগৰ ভিত্তিত উক্ত পাঁচগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

নথি পত্ৰসমূহ পৰীক্ষা কৰাৰ সময়ত পোহৰলৈ আহিছিল যে ৫১৪ চিৰিয়েল নম্বৰৰ  এন অ’ চিখন ভুৱা আছিল।

সেই একেই চিৰিয়েল নম্বৰৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) স্বাক্ষৰিত এন অ’ চি এখন দুবছৰ আগতে ২০১৭ চনত ৰাজহ কাৰ্যালয়ৰ পৰা ইচ্ছ্যু কৰা হৈছিল।

ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই নৰ্থইষ্ট নাওৰ আগত কয় যে তেওঁলোকে বিষয়টো সন্দৰ্ভত তদন্ত চলাই আছে।

‘’উপায়ুক্তৰ কাৰ্যালয়ৰ ৰাজহ বিভাগৰ এগৰাকী জ্যেষ্ঠ উপ-পঞ্জীয়কে দাখিল কৰা অভিযোগৰ ভিত্তিত আমি তেওঁলোকৰ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছো,’’-বৰাই কয়।

অভিযুক্ত কেইজনক ভাৰতীয় দণ্ডবিধিৰ ১২০ বি/ ৪৬৫/৪৬৭/৪৬৮/৪৭১/৪৭২/৩৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

‘’মৃগেন্দ্ৰ জালান বিক্ৰেতা আৰু সাৰদা দেবী কেজৰিৱাল হৈছে ক্ৰেতা। তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ জালান নগৰৰ ২ বিঘা মাটি বিক্ৰী কৰিছিল। মাটি এটুকুৰা বিক্ৰী কৰিবলৈ উপায়ুক্তৰ ৰাজহ কাৰ্যালয়ৰ পৰা এখন এন অ’ চি লোৱাটো বাধ্যতামূলক,’’-আৰক্ষী বিষয়া বৰাই কয়।

বিক্ৰী চুক্তিপত্ৰৰ পৰীক্ষণৰ সময়ত এন অ’ চিখন ভুৱা বুলি জানিব পৰা গৈছে। একে চিৰিয়েল নম্বৰৰ এখন এন অ’ চি ২০১৭ চনত অন্য ব্যক্তিক প্ৰদান কৰা হৈছিল।

‘’আমি সন্দেহ কৰিছো যে ইয়াৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে। আমি তদন্ত চলাই আছো আৰু অচিৰেই অধিক লোক আমাৰ জালত পৰিব,’’-অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।