দলং নিদিলে, ভোটো নিদিওঁ  : ভোট বৰ্জন কৰিলে ঢকুৱাখানাৰ এখন গাঁৱৰ ভোটাৰে

লখিমপুৰৰ ঢকুৱাখনা মহকুমাৰ এখন গাঁৱৰ ভোটাৰ সকলে ক্ষুব্ধ হৈ লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকে। 

ঢকুৱাখানাৰ ঘিলাগুৰি গাঁৱৰ ১৪৪ ঘিলাগুৰি ভোটকেন্দ্ৰত ভোটগ্ৰহণকাৰীয়ে ভোটগ্ৰহণৰ বাবে সাজু হোৱাৰ পিছত মুঠ ৮৩৫ জন ভোটাৰে ভোটদান কৰিবলৈ অস্বীকাৰ কৰে। 

গাঁৱৰ প্ৰৱেশ পথত এখন বেনাৰত ওলমাই নিজৰ সিদ্ধান্ত ব্যক্ত কৰে গাঁৱৰ ভোটাৰ সকলে। 

সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত গাঁওবাসীয়ে কয় যে উন্নত যাতায়তৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচিত প্ৰতিনিধিয়ে একেৰাহে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত সমগ্ৰ গাঁওখনে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে।

ঘিলাগুৰি গাঁওখন মূল পথৰ লগত সংযোগ কৰিবলৈ চাৰিকড়িয়া নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়ে যোৱা তিনিটা দশকে নিৰ্বাচিত বিধায়ক আৰু সাংসদৰ ওচৰত দাবী জনাই আহিছে যদিও ৰাইজৰ দাবী যোৱা তিনিটা দশকত এজনো প্ৰতিনিধিয়ে পালন কৰা নাই। 

উক্ত দলংখন নোহোৱাৰ বাবেই যুগ যুগ ধৰি জীয়াতু ভুগি আহিছে ঘিলাগুৰিৰ গাঁওবাসীয়ে। যাতায়তৰ অৱস্থাৰ বাবে হাস্পাতাললৈ ৰোগী নিয়াৰ পৰা আৰম্ভ কৰি, ব্যৱসায় বাণিজ্য, ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আদি সকলো দিশতে সমস্যাত পৰে ৰাইজ। সেয়েহে ক্ষুব্ধ হৈ দলংখন নোহোৱাৰ প্ৰতিবাদত এইবাদ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে গাঁওবাসীয়ে।