১৫ ফেব্ৰুৱাৰীৰ পৰা FASTag নাথাকিলে কোনো বাহনে পাৰ হ’ব নোৱাৰিব টোল গেট , কি এই FASTag, কেনেকৈ পাব?

DECIE004_25-0

কেন্দ্ৰীয় চৰকাৰে টোলগেটত সৃষ্টি হোৱা যান-জোঁট ৰোধ কৰাৰ বাবে টোলগেট সমূহত FASTag  ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে।

সেই মৰ্মে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা দেশৰ প্ৰায় ৩০০ খন টোল গেটত প্ৰযোজ্য হ’ব  FASTag  ব্যৱস্থা।

১৫ ফেব্ৰুৱাৰীৰ পৰা যিবোৰ বাহনে FASTag  নোহোৱাকৈ টোলগেট পাৰ হোৱাৰ চেষ্টা চলাব তেনে বাহনৰ গৰাকীয়ে ভৰিব লাগিব দুগুণ জৰিমনা।

FASTag  ব্যৱস্থা প্ৰৱৰ্তন হোৱাৰ ফলত টোলগেট সমূহত নগদ ধনৰ লেন-দেন বন্ধ হৈ পৰিব।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণৰ ক্ষেত্ৰ সঞ্চালক অলোক কুমাৰে প্ৰকাশ কৰা মতে FASTag  নথকা বাহনৰ ক্ষেত্ৰত চৰকাৰ অধিক কঠোৰ হ’ব।

যদি কোনো বাহনৰ গৰাকী অথবা চালকে FASTag কলৈ টোলগেটৰ কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে তেন্তে তেনে লোকক ১ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

উল্লেখ্য ২০২১ চনৰ ১ জানুৱাৰীৰ পৰাই দেশৰ বিভিন্ন টোলগেটত FASTag  ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰে ১ জানুৱাৰীৰ পৰাই বাহনত FASTag  লগাবলৈ নিৰ্দেশ জাৰি কৰিছিল।কিন্তু টোলগেট পাৰ হ’বলৈ প্ৰয়োজন হোৱা FASTag নো কি?

দৰাচলতে FASTag হৈছে এক ধৰণৰ বিশেষ ষ্টিকাৰ। যি ষ্টিকাৰ বাহনৰ সন্মুখৰ গ্লাছত লগোৱা থাকিব।

বাহনৰ গৰাকীয়ে পূৰ্বেই টোলগেট পাৰ হোৱাৰ বাবে FASTag ৰ বাবে ৰিছাৰ্জ কৰিব লাগিব।

FASTag ৰ বাবে লোক এজনে সৰ্বোচ্চ ১ লাখ টকা পৰ্যন্ত ৰিছাৰ্জ কৰিব পাৰিব।

কম পৰিমাণৰ ধনো ৰিছাৰ্জ কৰিব পৰা যাব। পেটিএম অথবা বিভিন্ন বেংকৰ জৰিয়তে অতি সহজে FASTag ৰ বাবে ধন ৰিছাৰ্জ কৰিব পৰা যাব।

আনহাতে টোলগেটতো FASTagৰ বাবে ৰিছাৰ্জৰ সুবিধা থাকিব। FASTagৰ ষ্টিকাৰৰ সৈতে সংযুক্ত হৈ থাকিব Radio-frequency Identification (RFID)  প্ৰযুক্তি।

এই প্ৰযুক্তিৰ জৰিয়তে টোলগেট এখন পাৰ হোৱাৰ লগে লগে টোলগেটত দিবলগীয়া ধন ৰিছাৰ্জৰ পৰা কটা যাব আৰু এই বিষয়ে বাহনৰ গৰাকীৰ মোবাইল ফোনলৈ মেছেজ আহিব।

FASTagৰ বাবে কৰা ৰিছাৰ্জৰ ম্যাদ ৫ বছৰ থাকিব অৰ্থাৎ  ৰিছাৰ্জ কৰাৰ পিছত ৫ বছৰলৈ কোনো টোলগেটেৰে বাহন পাৰ নহ’লেও একাউণ্টত সেই ধন মজুত হৈ থাকিব।