শীঘ্ৰে ৰে’ল বিভাগৰ নতুন নিয়ম : নিশাৰ ভাগত দবাত যাত্ৰীয়ে চাৰ্জ কৰিব নোৱাৰিব মোবাইল ফোন

a rail

ভাৰতীয় ৰে’ল বিভাগে শেহতীয়াকৈ এক নতুন নিৰ্দেশনা জাৰি কৰাৰ দিশে অগ্ৰসৰ হৈছে। সেই মৰ্মে ৰে’লত যাত্ৰা কৰা যাত্ৰী সকলে নিশাৰ ভাগত তেওঁলোকৰ লেপটপ, মোবাইল ফোন আৰু আন ইলেক্ট্ৰ’নিক সামগ্ৰী চাৰ্জ কৰিব নোৱাৰিব।

ৰে’লত অগ্নিকাণ্ডৰ ঘটনা ৰোধ কৰাৰ বাবেই ৰ’ল বিভাগে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজা পৰ্যনত্ত যাত্ৰীক মোবাইল ফোনকে ধৰি আন সামগ্ৰী চাৰ্জ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জৰি কৰাৰ সম্ভাৱনা আছে। ৰে’ল বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই এই কথা প্ৰকাশ কৰিছে।

বিষয়া গৰাকীয়ে প্ৰকাশ কৰা মতে নিশাৰ ভাগত ৰে’লত সংঘটিত হ’ব পৰা অগ্নিকাণ্ডৰ ঘটনা ৰোধ  কৰাৰ বাবেই এনে ব্যৱ্স্থা হাতত লোৱা হ’ব।

নিশা ১১ বজাৰ পৰা পুৱা ৫ বজা পৰ্যন্ত ৰে’লৰ দবাত থকা চাৰ্জিং পয়েণ্ট সমূহৰ সংযোগ বিচ্ছিন্ন কৰি থোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখ্য ৰে’লৰ দবাত থকা চাৰ্জিং পয়েণ্টৰ পৰাই ৰে’লত বহু কেইটা অগ্নিকাণ্ডৰ  ঘটনা ঘটিছে।

২০১৩ চনৰ ২৮ ডিচেম্বৰত বাংগালুৰুৰ শ্ৰী সত্য সাই প্ৰশান্ত নিলয়ম আৰু বাচাম্পল ষ্টেচনৰ মাজত নান্দেৰ এক্সপ্ৰেছৰ শীততাপ নিয়ন্ত্ৰিত ৩টাকৈ দবাত চাৰ্জিং পয়েণ্টৰ পৰাই জুই লগাৰ সন্দেহ কৰা হৈছিল। সেই বিষয়ত তদন্ত অব্যাহত আছে।

২০২১ বৰ্ষৰ  ১৩ মাৰ্চতো দিল্লী-ডেৰাডুন শতাব্দী এক্সপ্ৰেছত এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল।