সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা ক’ৰনাভাইৰাছৰ এক ভুৱা প্ৰচাৰে শিৱসাগৰত আতংকৰ সৃষ্টি কৰিছিল।
ছবছৰ ধৰি চেন্নাইত কৰ্মৰত শিৱসাগৰৰ নাওজান মেচ গাঁৱৰ এজন যুৱক ক’ৰনাভাইৰাছত আক্ৰান্ত বুলি এক ভুৱা প্ৰচাৰ চলিছিল।
কিন্তু, আতংকৰ ওৰ পেলাই শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই যুৱকজনৰ গাত ক’ৰনাভাইৰাছ নাই বুলি নিশ্চিত কৰে।
দেওবাৰে দিনত চেন্নাইৰ পৰা শিৱসাগৰৰ যুৱকজন উজনিমুৱা চেন্নাই এক্সপ্ৰেছযোগে আহি শিমলুগুৰি ৰেলৱে জংচনত উপস্থিত হোৱাৰ পিছতে শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ এটা দলে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আনে আৰু চিকিৎসালয়খনৰ এটা আছুতীয়া কক্ষত ৰাখি স্বাস্থ্য পৰীক্ষা কৰে।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱা নৰ্থইষ্ট নাওক জনোৱা মতে, যুৱকজনৰ শৰীৰত ক’ৰনাভাইৰাছ ধৰা পৰা নাই।
চিকিৎসকগৰাকীয়ে যুৱকজনৰ শৰীৰত ক’ৰনাভাইৰাছৰ বীজাণুৰ কোনো লক্ষণ দেখিবলৈ পোৱা নাই বুলি নিশ্চিতি দিছে।
অধীক্ষক ডাঃ ৰাজীৱ বৰুৱাই জানিবলৈ দিয়া অনুসৰি যুৱকজনক আজিয়ে তেওঁলোকে ঘৰলৈ যাবলৈ দিব।
তেওঁ লগতে জনাই যে শিৱসাগৰৰ স্বাস্থ্য বিভাগৰ দলে মুঠ ১৪ দিন প্ৰতিদিনাই তেওঁৰ ঘৰলৈ গৈ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিব।
চেন্নাইত যুৱকজনে তেৰ দিনৰ পূৰ্বে জ্বৰ -কাঁহত ভুগিছিল। তেতিয়াই তেওঁ চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰাইছিল। তাতো যুৱকজনৰ শৰীৰত সাধাৰণ জ্বৰ-কাঁহৰ বাদে চিকিৎসকে আন লক্ষণ ধৰা পেলোৱা নাছিল।
যুৱকজন ৰেলেৰে ঘৰলৈ আহি থকা অৱস্থাত জ্বৰ-কাঁহত আক্ৰান্ত বুলি জানিব পাৰি কোনো লোকে ৰেল কৰ্তৃপক্ষক যুৱকজন ক’ৰনাভাইৰাছত আক্ৰান্ত বুলি খবৰ দিয়ে।
ৰেল কৰ্তৃপক্ষই শিৱসাগৰ স্বাস্থ্য বিভাগক খবৰ দিয়ে আৰু স্বাস্থ্য বিভাগৰ দল এটাই যুৱকজনক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ আনে।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ৰাজীৱ বৰুৱাই ভুৱা প্ৰচাৰত ভোল নাযাবলৈ জনসাধাৰণক আহ্বান জনাইছে।
তেওঁ লগতে কয় যে ক’ৰনাভাইৰাছত আক্ৰান্ত ৰোগীৰ উপযুক্ত চিকিৎসাৰ বাবে সম্পূৰ্ণ সাজু শিৱসাগৰ অসামৰিক চিকিৎসালয়।
এনে ৰোগত আক্ৰান্ত ৰোগীৰ বাবে চিকিৎসালয়ত আছুতীয়া কক্ষৰো ব্যৱস্থা কৰা হৈছে।