NORTHEAST NOW (Assamese)

ডাটা লিক হোৱাৰ কোনো প্ৰমাণ পোৱা নাই হোৱাটছএপে

November 30, 2022 12:09 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: November 30, 2022 12:30 pm

হোৱাটছএপ ব্যৱহাৰকাৰীৰ তথ্য লিক হোৱাৰ খবৰে এতিয়া বিশ্বক জোকাৰিছে। এনে সময়তে হোৱাটছএপৰ ডাটা লিক হোৱাৰ অভিযোগ সমূলি নস্যাৎ কৰিছে হোৱাটছএপে। হোৱাটছএপে কৈছে যে চাৰ্ভাৰৰ পৰা কোনো ডাটা লিক হোৱা না আৰু এইক্ষেত্ৰত কোনেও শংকিত হ’ব নালাগে। হোৱাটছএপে কয় যে ‘ডাটা লিক’ ৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই।

উল্লেখ্য প্ৰায় ৪০৮ কোটি হোৱাটছএপ ব্যৱহাৰকাৰীৰ ফোন নম্বৰ অনলাইনত বিক্ৰী কৰা হৈছে বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। ধাৰণা কৰা হৈছে যে এইটোৱে এতিয়ালৈকে আটাইতকৈ ডাঙৰ তথ্য উলংঘনৰ ঘটনা।
চাইবাৰ নিউজৰ এক প্ৰতিবেদন অনুসৰি, এটা হেকিং কমিউনিটি ফ’ৰামত এটা বিজ্ঞাপন পোষ্ট কৰি এজনে দাবী কৰিছে যে তেওঁ ২০২২ চনত ৪৮৭ নিযুত হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰৰ ডাটাবেচ বিক্ৰী কৰিছে। ডাটাবেচটোত ৮৪ খন বিভিন্ন দেশৰ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ আছে য’ত আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইজিপ্ত, ইটালী, চৌদি আৰৱ আৰু আনকি ভাৰতৰো বিভিন্ন নম্বৰ অন্তৰ্ভুক্ত আছে।

এই তথ্যবোৰ বেছিভাগ আক্ৰমণকাৰীয়ে ফিছিং আক্ৰমণৰ বাবে ব্যৱহাৰ কৰে। সেয়েহে, হোৱাটছএপ ব্যৱহাৰকাৰীসকলক অজ্ঞাত নম্বৰৰ পৰা অহা কল আৰু বাৰ্তাৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হয়।

থ্ৰেড এক্টৰে দাবী কৰিছে যে তথ্য সংহতিটোত ৩২ নিযুত আমেৰিকান ব্যৱহাৰকাৰীৰ ৰেকৰ্ড আছে। একেদৰে, প্ৰভাৱিত ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে ইজিপ্তত ৪৫ নিযুত, ইটালীত ৩৫ নিযুত, চৌদি আৰৱত ২৯ নিযুত, ফ্ৰান্সত ২০ নিযুত আৰু তুৰ্কীত ২০ নিযুত। ডাটাবেচটোত প্ৰায় ১০ নিযুত ৰাছিয়ান আৰু ১১ নিযুত ব্ৰিটিছ নাগৰিকৰ ফোন নম্বৰ আছে বুলি অভিযোগ কৰা হৈছে।

প্ৰতিবেদনত দাবী কৰা হৈছে যে থ্ৰেড এক্টৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডাটাছেট ৭,০০০ ডলাৰত (প্ৰায় ৫,৭১,৬৯০ টকা) বিক্ৰী কৰিছে। অৱশ্যে, ব্ৰিটেইন আৰু জাৰ্মানীত ডাটাছেটৰ ব্যয় ক্ৰমে ২৫০০ ডলাৰ (প্ৰায় ২,০৪,১৭৫ টকা) আৰু ২০০০ ডলাৰ (প্ৰায় ১,৬৩,৩৪০ টকা) হব।

Related News