ৰাষ্ট্ৰীয় পৰ্য্যায়ত এন আৰ চিৰ কাম কৰাৰ সিদ্ধান্ত লোৱা নাই : কেন্দ্ৰ

ৰাষ্ট্ৰীয় পৰ্য্যায়ত এন আৰ চিৰ কাম কৰাৰ বাবে কোনো সিদ্ধান্ত হোৱা নাই বুলি কেন্দ্ৰই আজি পুনৰ স্পষ্ট কৰি দিছে।

“এতিয়ালৈকে চৰকাৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ত ভাৰতৰ নাগৰিকসকলৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই”, লোকসভাত এটা লিখিত উত্তৰ দি গৃহ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে কয়।

কেইবাটাও বিৰোধী দলে লোকসভা আৰু ৰাজ্যসভা দুয়োখন সদনতে নাগৰিকত্ব (সংশোধন) আইন আৰু এন আৰ চি আৰু এল পি আৰ সন্দৰ্ভত বিতৰ্ক বিচাৰি জাননী দাখিল কৰিছিল।

এই দলবোৰ হ’ল- ডি এম কে, চি পি আই, চি পি আই (এম), এন চি পি, আৰ জে ডি, টি এম চি, এছ পি আৰু বি এছ পি।

দলকেইটাই বাজেট অধিৱেশন চলি থকাৰ মাজতে অধিনিয়ম ২৬৭-ৰ অধীনত জাননী জাৰি কৰিছিল আৰু সকলো কাম বন্ধ কৰি CAA, NPR আৰু NRC-ৰ ওপৰত আলোচনা হ’ব লাগে বুলি দাবী কৰিছিল।

গৃহ মন্ত্ৰ্যালয়ে লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এন আৰ চিৰ আৰ্হি কি হ’ব বুলি কৰা এটা প্ৰশ্নৰ উত্তৰ “প্ৰশ্নটো প্ৰযোজ্য নহয়” (the question does not arise) বুলি দিয়ে।

ইয়াৰ পূৰ্বে লোকসভাৰ মজিয়াত আৰু তাৰ বাহিৰতো কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ কেইবাজনো নেতাই ৰাষ্ট্ৰীয় পৰ্য্যায়ত এন আৰ চি প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি মন্তব্য দি আহিছিল।

এন আৰ চিৰ লগতে এন পি আৰ (National Population Register) (ভাৰতৰ সাধাৰণ বাসিন্দাৰ বায়মেট্ৰিক ডেটাবেইছ) প্ৰস্তুত কৰা হ’ব বুলিও কোৱা হৈছিল আৰু ই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এন আৰ চিৰ বাবে প্ৰথম খোজ বুলিও কোৱা হৈছিল।

যোৱা বছৰটোত দেশৰ ভিতৰত কেৱল অসমত এন আৰ চি উন্নীতকৰণ হৈ যায়, য’ত প্ৰায় ২০ লাখ লোকৰ নাম বাদ পৰে।