কেন্দ্ৰৰ উদাসীনতাৰ বাবে ক্ৰমশঃ কঠোৰ হৈ উঠিছে আলোচনাৰত নগা বিদ্ৰোহী সংগঠন এনএচচিএন(আইএম){National Socialist Council of Nagaland, NSCN(IM))।
২০১৫ চনত কেন্দ্ৰৰ সৈতে স্বাক্ষৰ কৰা শান্তিৰ চুক্তিৰ পিছৰ পৰা নগা বিদ্ৰোহী সংগঠনটো কিছু শান্ত হৈ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ বাবে পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে।
বিচ্ছিন্নতাবাদী নগা সংগঠনটোৱে অভিযোগ কৰি কৈছে যে পাঁচ বছৰৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তিত কেন্দ্রই দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।
ইফালে নগা বিচ্ছিন্নতাবাদী বিদ্ৰোহী সংগঠনটোৱে স্পষ্টৰূপে ঘোষণা কৰিছে যে নগাসকলৰ বাবে পৃথক পতাকা আৰু সংবিধান অবিহনে সংগঠনটোৱে ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰা সম্ভৱ নহয়।
উল্লেখ্য যে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, অসম আৰু ম্যানমাৰৰ বিস্তৃণ অঞ্চল জুৰি স্বাধীন নাগালেণ্ডৰ দাবীত কেবা দশক ধৰি বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন চলাই অহা এনএছচিএন-এ এটা সময়ত দুটা ভাগত বিভক্ত হৈ পৰিছিল।
এটাৰ নেতৃত্ব দিছিল খাপলাঙে আৰু আনটোক ইশ্বাক শ্ব’ আৰু থুইংগালেং মুইভাই।
ৱেষ্টাৰ্ণ নাগালেণ্ডত সমান্তৰাল চৰকাৰ চলোৱা এনএছচিএনৰ খাপলাঙ গোটে ভাৰত চৰকাৰৰ সৈতে আলোচনাত অংশ নল’লেও আইএম গোটে ইশ্বাক শ্ব’ আৰু মুইভাৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিছে।
এতিয়া এই এনএছচিএন(আইএম)ৰ আলোচনাই স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে। এই স্ববিৰতাৰ মূল কাৰণ দুটা বুলি জানিব পৰা গৈছে।
এই দুই কাৰণ হৈছে লগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধান। বিদ্ৰোহী নগা সংগঠনটোৰ মতে এই দুই দাবী এৰি আলোচনা কোনোপ্ৰধ্যে সম্ভৱ নহয়।
ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় নগা বিদ্ৰোহী সংগঠনটোৰ এই দাবী মানি ল’বলৈ কোনোপ্রধ্যেই সন্মত নহয়।
২০১৫ চনৰ শান্তি চুক্তিৰ সময়তো নগা বিদ্ৰোহী সংগঠনটোৱে নআগালেণ্ডৰ বাবে পৃথক পতাকাৰ লগতে সংবিধানৰ দাবী জনাইছিল কেন্দ্ৰক।
ইফালে তেতিয়াৰ পৰাই আলোনচাৰ প্ৰতি সাদিচ্ছা প্ৰদৰ্শন কৰি নগা বিদ্ৰোহী সংগঠনটোৱে সশস্ত্ৰ আন্দোলন তথা কাৰ্যকলাপ বন্ধ ৰাখিছে।
কিন্তু এইবাৰ স্বাধীনতা দিৱসৰ সময়ত মুইভাই পৃথক পতাকা আৰু সংবিধানৰ পুৰণি দাবী পুনৰ সজোৰে উত্থাপন কৰিছে।
হঠাৎ মুইভাৰ এই সক্ৰিয়তাত এতিয়া বিমূঢ়ত পৰা দেখা গৈছে কেন্দ্ৰক।
ইতিমধ্যে কেন্দ্ৰই বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বৰ সৈতে কেন্দ্ৰৰ হৈ আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক অৰবিন্দ কুমাৰক নিয়োগ কৰিছে। ইয়াৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা সঞ্চালক কুমাৰেই পালন কৰিছিল।
ইফালে ইন্টেলিজেন্স ব্যুৰ’ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াৰ সৈতে আলোচনাত বহিবলৈ মুইভাসহ এনএছচিএন(আইএম)ৰ কেবাজনো শীৰ্ষ নেতা দিল্লীত বাহৰ পাতিছে।
ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবে সংগঠনটোৱে শুকুৰবাৰে ডিমাপুৰত যুতীয়া পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰক স্পষ্টৰূপত জনাই দিছে যে যেতিয়ালৈকে ভাৰত চৰকাৰে নগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী মানি নলয় তেতিয়ালৈকে এই আলোচনা ফলপ্ৰসু নহয়।
ইয়াৰ পিছতে কেন্দ্ৰ গৃহ মন্ত্ৰণালয়ৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে যথেষ্ট চিন্তিত হৈ পৰা দেখা গৈছে।