• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘নগাৰ বাবে পৃথক পতাকা আৰু সংবিধান এৰি আলোচনা অসম্ভৱ’; কেন্দ্ৰক স্পষ্টভাৱে জনালে এনএছচিএন(আইএম)এ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 2:41 pm
388_17_1489470652
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰৰ উদাসীনতাৰ বাবে ক্ৰমশঃ কঠোৰ হৈ উঠিছে আলোচনাৰত নগা বিদ্ৰোহী সংগঠন এনএচচিএন(আইএম){National Socialist Council of Nagaland, NSCN(IM))।

২০১৫ চনত কেন্দ্ৰৰ সৈতে স্বাক্ষৰ কৰা শান্তিৰ চুক্তিৰ পিছৰ পৰা নগা বিদ্ৰোহী সংগঠনটো কিছু শান্ত হৈ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ বাবে পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে।

Apply Now

বিচ্ছিন্নতাবাদী নগা সংগঠনটোৱে অভিযোগ কৰি কৈছে যে পাঁচ বছৰৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তিত কেন্দ্রই দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।

ইফালে নগা বিচ্ছিন্নতাবাদী বিদ্ৰোহী সংগঠনটোৱে স্পষ্টৰূপে ঘোষণা কৰিছে যে নগাসকলৰ বাবে পৃথক পতাকা আৰু সংবিধান অবিহনে সংগঠনটোৱে ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰা সম্ভৱ নহয়।

উল্লেখ্য যে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, অসম আৰু ম্যানমাৰৰ বিস্তৃণ অঞ্চল জুৰি স্বাধীন নাগালেণ্ডৰ দাবীত কেবা দশক ধৰি বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন  চলাই অহা এনএছচিএন-এ এটা সময়ত দুটা ভাগত বিভক্ত হৈ পৰিছিল।

এটাৰ নেতৃত্ব দিছিল খাপলাঙে আৰু আনটোক ইশ্বাক শ্ব’ আৰু থুইংগালেং মুইভাই।

ৱেষ্টাৰ্ণ নাগালেণ্ডত সমান্তৰাল চৰকাৰ চলোৱা এনএছচিএনৰ খাপলাঙ গোটে ভাৰত চৰকাৰৰ সৈতে আলোচনাত অংশ নল’লেও আইএম গোটে ইশ্বাক শ্ব’ আৰু মুইভাৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিছে।

এতিয়া এই এনএছচিএন(আইএম)ৰ আলোচনাই স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে। এই স্ববিৰতাৰ মূল কাৰণ দুটা বুলি জানিব পৰা গৈছে।

এই দুই কাৰণ হৈছে লগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধান। বিদ্ৰোহী নগা সংগঠনটোৰ মতে এই দুই দাবী এৰি আলোচনা কোনোপ্ৰধ্যে সম্ভৱ নহয়।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় নগা বিদ্ৰোহী সংগঠনটোৰ এই দাবী মানি ল’বলৈ কোনোপ্রধ্যেই সন্মত নহয়।

২০১৫ চনৰ শান্তি চুক্তিৰ সময়তো নগা বিদ্ৰোহী সংগঠনটোৱে নআগালেণ্ডৰ বাবে পৃথক পতাকাৰ লগতে সংবিধানৰ দাবী জনাইছিল কেন্দ্ৰক।

ইফালে তেতিয়াৰ পৰাই আলোনচাৰ প্ৰতি সাদিচ্ছা প্ৰদৰ্শন কৰি নগা বিদ্ৰোহী সংগঠনটোৱে সশস্ত্ৰ আন্দোলন তথা কাৰ্যকলাপ বন্ধ ৰাখিছে।

কিন্তু এইবাৰ স্বাধীনতা দিৱসৰ সময়ত মুইভাই পৃথক পতাকা আৰু সংবিধানৰ পুৰণি দাবী পুনৰ সজোৰে উত্থাপন কৰিছে।

হঠাৎ মুইভাৰ এই সক্ৰিয়তাত এতিয়া বিমূঢ়ত পৰা দেখা গৈছে কেন্দ্ৰক।

ইতিমধ্যে কেন্দ্ৰই বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বৰ সৈতে কেন্দ্ৰৰ হৈ আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক অৰবিন্দ কুমাৰক নিয়োগ কৰিছে। ইয়াৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা সঞ্চালক কুমাৰেই পালন কৰিছিল।

ইফালে ইন্টেলিজেন্স ব্যুৰ’ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াৰ সৈতে আলোচনাত বহিবলৈ মুইভাসহ এনএছচিএন(আইএম)ৰ কেবাজনো শীৰ্ষ নেতা দিল্লীত বাহৰ পাতিছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবে সংগঠনটোৱে শুকুৰবাৰে ডিমাপুৰত যুতীয়া পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰক স্পষ্টৰূপত জনাই দিছে যে যেতিয়ালৈকে ভাৰত চৰকাৰে নগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী মানি নলয় তেতিয়ালৈকে এই আলোচনা ফলপ্ৰসু নহয়।

ইয়াৰ পিছতে কেন্দ্ৰ গৃহ মন্ত্ৰণালয়ৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে যথেষ্ট চিন্তিত হৈ পৰা দেখা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd