DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

‘নগাৰ বাবে পৃথক পতাকা আৰু সংবিধান এৰি আলোচনা অসম্ভৱ’; কেন্দ্ৰক স্পষ্টভাৱে জনালে এনএছচিএন(আইএম)এ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 2:41 pm
388_17_1489470652
411
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰৰ উদাসীনতাৰ বাবে ক্ৰমশঃ কঠোৰ হৈ উঠিছে আলোচনাৰত নগা বিদ্ৰোহী সংগঠন এনএচচিএন(আইএম){National Socialist Council of Nagaland, NSCN(IM))।

২০১৫ চনত কেন্দ্ৰৰ সৈতে স্বাক্ষৰ কৰা শান্তিৰ চুক্তিৰ পিছৰ পৰা নগা বিদ্ৰোহী সংগঠনটো কিছু শান্ত হৈ থাকিলেও কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ বাবে পুনৰ সক্ৰিয় হৈ উঠা পৰিলক্ষিত হৈছে।

বিচ্ছিন্নতাবাদী নগা সংগঠনটোৱে অভিযোগ কৰি কৈছে যে পাঁচ বছৰৰ পূৰ্বে ভাৰত চৰকাৰৰ সৈতে হোৱা চুক্তিত কেন্দ্রই দিয়া কোনো প্ৰতিশ্ৰুতি পূৰণ কৰা নাই।

ইফালে নগা বিচ্ছিন্নতাবাদী বিদ্ৰোহী সংগঠনটোৱে স্পষ্টৰূপে ঘোষণা কৰিছে যে নগাসকলৰ বাবে পৃথক পতাকা আৰু সংবিধান অবিহনে সংগঠনটোৱে ভাৰত চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰা সম্ভৱ নহয়।

উল্লেখ্য যে নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম, অসম আৰু ম্যানমাৰৰ বিস্তৃণ অঞ্চল জুৰি স্বাধীন নাগালেণ্ডৰ দাবীত কেবা দশক ধৰি বিচ্ছিন্নতাবাদী সশস্ত্ৰ আন্দোলন  চলাই অহা এনএছচিএন-এ এটা সময়ত দুটা ভাগত বিভক্ত হৈ পৰিছিল।

এটাৰ নেতৃত্ব দিছিল খাপলাঙে আৰু আনটোক ইশ্বাক শ্ব’ আৰু থুইংগালেং মুইভাই।

ৱেষ্টাৰ্ণ নাগালেণ্ডত সমান্তৰাল চৰকাৰ চলোৱা এনএছচিএনৰ খাপলাঙ গোটে ভাৰত চৰকাৰৰ সৈতে আলোচনাত অংশ নল’লেও আইএম গোটে ইশ্বাক শ্ব’ আৰু মুইভাৰ নেতৃত্বত ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনা অব্যাহত ৰাখিছে।

এতিয়া এই এনএছচিএন(আইএম)ৰ আলোচনাই স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে। এই স্ববিৰতাৰ মূল কাৰণ দুটা বুলি জানিব পৰা গৈছে।

এই দুই কাৰণ হৈছে লগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধান। বিদ্ৰোহী নগা সংগঠনটোৰ মতে এই দুই দাবী এৰি আলোচনা কোনোপ্ৰধ্যে সম্ভৱ নহয়।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় নগা বিদ্ৰোহী সংগঠনটোৰ এই দাবী মানি ল’বলৈ কোনোপ্রধ্যেই সন্মত নহয়।

২০১৫ চনৰ শান্তি চুক্তিৰ সময়তো নগা বিদ্ৰোহী সংগঠনটোৱে নআগালেণ্ডৰ বাবে পৃথক পতাকাৰ লগতে সংবিধানৰ দাবী জনাইছিল কেন্দ্ৰক।

ইফালে তেতিয়াৰ পৰাই আলোনচাৰ প্ৰতি সাদিচ্ছা প্ৰদৰ্শন কৰি নগা বিদ্ৰোহী সংগঠনটোৱে সশস্ত্ৰ আন্দোলন তথা কাৰ্যকলাপ বন্ধ ৰাখিছে।

কিন্তু এইবাৰ স্বাধীনতা দিৱসৰ সময়ত মুইভাই পৃথক পতাকা আৰু সংবিধানৰ পুৰণি দাবী পুনৰ সজোৰে উত্থাপন কৰিছে।

হঠাৎ মুইভাৰ এই সক্ৰিয়তাত এতিয়া বিমূঢ়ত পৰা দেখা গৈছে কেন্দ্ৰক।

ইতিমধ্যে কেন্দ্ৰই বিদ্ৰোহী সংগঠনটোৰ নেতৃত্বৰ সৈতে কেন্দ্ৰৰ হৈ আলোচনাত অংশগ্ৰহণ কৰিবলৈ ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক অৰবিন্দ কুমাৰক নিয়োগ কৰিছে। ইয়াৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা সঞ্চালক কুমাৰেই পালন কৰিছিল।

ইফালে ইন্টেলিজেন্স ব্যুৰ’ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিষয়াৰ সৈতে আলোচনাত বহিবলৈ মুইভাসহ এনএছচিএন(আইএম)ৰ কেবাজনো শীৰ্ষ নেতা দিল্লীত বাহৰ পাতিছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰ চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰাৰ বাবে সংগঠনটোৱে শুকুৰবাৰে ডিমাপুৰত যুতীয়া পৰিষদৰ বৈঠকৰ অন্তত কেন্দ্ৰক স্পষ্টৰূপত জনাই দিছে যে যেতিয়ালৈকে ভাৰত চৰকাৰে নগাসকলৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী মানি নলয় তেতিয়ালৈকে এই আলোচনা ফলপ্ৰসু নহয়।

ইয়াৰ পিছতে কেন্দ্ৰ গৃহ মন্ত্ৰণালয়ৰ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ লগতে যথেষ্ট চিন্তিত হৈ পৰা দেখা গৈছে।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd