ড° ভুপেন হাজৰিকা “ধলা-শদিয়া দলং”ত আজিও নহ’ল পোহৰৰ ব্যৱস্থা

FB_IMG_1558976901852

নিশাৰ ভাগত ধলা-শদিয়াৰ ড০ ভূপেন হাজৰিকা সেঁতু। ফটো : নৰ্থইষ্ট নাও

শদিয়াবাসীৰ বিপদসংকুল নৌকা যাত্ৰাৰ অৱসান ঘটাবলৈ বিগত ২০১১ বৰ্ষত নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত দক্ষিণে তিনিচুকীয়া জিলাৰ ছৈখোৱা(ধলা )আৰু উত্তৰে শদিয়া মহকুমাক সংযোগ কৰা দেশৰ দীৰ্ঘতম নদী দলং “ধলা-শদিয়া দলং”৷

পৰৱৰ্তী সময়ত ২০১৭ বৰ্ষৰ ২৬ মে’ত দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে শুভ-উদ্বোধন কৰি ৯.১৫ কি.মি. দৈৰ্ঘ্যৰ এছিয়া মহাদেশৰ ভিতৰত দ্বিতীয় আৰু ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথম দীৰ্ঘতম এই দলংখন অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামকৰণ কৰিছিল।

দলংখনৰ শুভ-উদ্বোধনীৰ পাছত কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে ব্যৱসায়-বাণিজ্য তথা যোগাযোগৰ ক্ষেত্ৰত সুচল হৈ পৰাৰ লগতে অসমবাসীৰ হিয়াৰ আমঠু ড° ভুপেন হাজৰিকাৰ নামত নামাংকৃত হোৱা দেশৰ দীৰ্ঘতম দলং খনক এবাৰ প্ৰতক্ষ কৰাৰ উদ্দেশ্যে বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক লোকে আজিও ভিৰ কৰাহি পৰিলক্ষিত হয়।

নিশাৰ ভাগত ড০ ভূপেন হাজৰিকা সেঁতু। ফটো : নৰ্থইষ্ট নাও

ন-দিহিং, টেঙাপানী, কুণ্ডলী, লোহিত আৰু দিবাং নদীৰ সংগমস্থলী তথা মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত এই ড° ভুপেন হাজৰিকা সেঁতুৰ পৰাই একমাত্ৰ পূব দিশত অৰুণাচলৰ আকাশত সূৰ্য্যোদয় আৰু পশ্চিমত সূৰ্য্য অস্তৰ মহাবাহুৰ বুকুত জিলিকি থকা দৃষ্টিনন্দন দৃশ্য উপভোগ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ লগতে কাষৰীয়া ৰাজ্যৰ পৰাও সমন্বয়ৰ বাৰ্তা কঢ়িয়াই পুৱা-গধূলি বহুলোকৰ আগমণ হয় ৷

দলং শুভ-উদ্বোধনৰ সময়ত নিশা দলং খনত পোহৰেৰে আলোকিত কৰি ৰাখিবলৈ পোহৰৰ ব্যৱস্থা হৈ উঠা নাছিল যদিও পৰৱৰ্তী সময়ত পোহৰৰ ব্যৱস্থা কৰাৰ কথা আছিল৷ কথা আছিল দেশৰ দীৰ্ঘতম নদী দলং ড° ভুপেন হাজৰিকা সেঁতুত কৰা হব “ছলাৰ লাইট”ৰ ব্যৱস্থা। কিন্তু দলং উদ্বোধন কৰাৰ দুটাকৈ বৰ্ষত সম্পূৰ্ণ কৰি  ২৬ মে’ দেওবাৰে ড° ভুপেন হাজৰিকা সেঁতুৱে ভৰি দিলে তৃতীয়টো বৰ্ষত।

কিন্তু পৰিতাপৰ কথা যে আজি পৰ্যন্ত দেশৰ মানচিত্ৰত আটাইতকৈ দীঘল দলং বুলি চিহ্নিত হোৱা এই ড° ভুপেন হাজৰিকা সেঁতুত পোহৰ অৰ্থাৎ “ছলাৰ লাইট”ৰ ব্যৱস্থা নকৰিলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় অথবা ৰাজ্য চৰকাৰ খনে। পোহৰৰ কোনো ধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰিলে কেন্দ্ৰীয় ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয় অথবা ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও।

নিশা হ’লে দলঙৰ ওপৰেৰে পাৰ হোৱা যানবাহনৰ পোহৰৰ বাদে অন্ধকাৰে ছানি ধৰে ড° ভুপেন হাজৰিকা সেঁতু। দলঙত প্ৰায়েই শুনিবলৈ পোৱা যায় দুৰ্ঘটনাৰ খবৰ, আৰু এই দলঙতেই দুৰ্ঘটনা সংঘটিত হোৱা বহু জনে ইতিমধ্যে প্ৰাণ হেৰুৱালে৷  উক্ত দুৰ্ঘটনা সমূহৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত পোহৰৰ ব্যৱস্থা নথকাটোও এটা অন্যতম কাৰণ হিচাপে সচেতন মহলে অভিহিত কৰিব বিচাৰে।

ৰাইজে অতি শীঘ্ৰেই ড° ভুপেন হাজৰিকা সেঁতুত পোহৰৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে। কিন্তু চৰকাৰে ৰাইজৰ এই দাবীক সঁহাৰি জনাব কোন দিনা? সেইয়া হৈছে আজিৰ দিনত লাখটকীয়া প্ৰশ্ন! কেন্দ্ৰৰ নতুন বিজেপি চৰকাৰে দেশৰ দীৰ্ঘতম দলংখনত পোহৰ ব্যৱস্থা কৰিব বুলি এতিয়া প্ৰতিজন সচেতন ব্যক্তিয়ে আশাৰে বাট চাইছে।