নতুন নিৰ্দেশনা: কোভিডৰ RT-PCR পৰীক্ষা কৰোৱাব নালাগে এইসকল লোকে, কোনে?

Coronavirus_S

দেশত বাৰিষা নদীৰ পানী বঢ়াদি বাঢ়িছে ক’ৰ’না ৰোগীৰ সংখ্যা।

এনে পৰিস্থিতিত দশেৰ প্ৰতি খন ৰাজ্যতে বৃদ্ধি কৰিবলগীয়া হৈছে কোভিডৰ পৰীক্ষাৰ সংখ্যা।

কোভিডৰ পৰীক্ষাৰ ক্ষেত্ৰত RT-PCR পৰীক্ষাৰ গুৰুত্ব অধিক। ৰেপিড টেষ্টত ক’ৰ’না ধৰা নপৰিলেও RT-PCR পৰীক্ষাৰত ক’ৰ’না অতি সহজে ধৰা পৰে।

সেইবাবেই ক’ৰ’নাৰ ৰেপিড টেষ্ট কৰাৰ পিছতো RT-PCR পৰীক্ষা কৰোৱাবলৈ কোৱা হয়। কিন্তু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে RT-PCR পৰীক্ষাৰ ক্ষেত্ৰিত কেতবোৰ নতুন নিয়ম বান্ধি দিছে।

সেইমৰ্মে এতিয়াৰে পৰা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা সেই সকল যাত্ৰীৰ RT-PCR পৰীক্ষা কৰোৱাব নালাগে যিসকল যাত্ৰীৰ দেহত ক’ৰ’নাৰ কোনো লক্ষণ নাথাকিব।

অৰ্থাৎ আপাত দৃষ্টিত সুস্থ যাত্ৰীসকলৰ RT-PCR পৰীক্ষাৰ কোনো প্ৰয়োজন নহ’ব। একেদৰে ক’ৰ’নাৰ পৰা মুক্ত হৈ ঘৰলৈ উভতি যোৱা লোকসকলৰ ক্ষেত্ৰতো RT-PCR পৰীক্ষাৰ প্ৰয়োজন নহ’ব।

দেশত এতিয়া ক’ৰ’নাৰ পৰীক্ষা কৰোৱাবলৈ প্ৰায় ১২ হাজাৰটা পৰীক্ষা কেন্দ্ৰ আছে।

সেই কেন্দ্ৰ সমূহত ৰোগীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই বাহিৰৰ ৰাজ্যৰ পৰা অহা সুস্থ যাত্ৰী আৰু ক’ৰ’নাৰ পৰা মুক্ত হৈ চিকিৎসালয় ত্যাগ কৰা ৰোগীৰ ক্ষেত্ৰত RT-PCR পৰীক্ষা নকৰিলেও হ’ব বুলি কেন্দ্ৰই নতুন নিৰ্দেশনা জাৰি কৰিছে।

কোভিডৰ লক্ষণ থকা লোকসকলক পৰাপক্ষত ভ্ৰমণ নকৰিবলৈও কেন্দ্রই আহ্বান জনাইছে।

উল্লেখ্য দেশত এতিয়ালৈকে ২৯ কোটি ৪৮ লাখ ৫২ হাজাৰ ৭৮ গৰাকী লোকৰ কোভিডৰ পৰীক্ষা কৰোৱা হৈছে।

বিগত ২৪ ঘণ্টাত দেশত ১৫ লাখ ৪১ হাজাৰ ২৯৯ গৰাকী লোকৰ কোভিডৰ পৰীক্ষা কৰোৱা হৈছে।