১৯৫০ চনৰ পৰাই ভাৰতে ১ জুলাইৰ পৰা ৭ জুলাইলৈ বন মহোৎসৱ পালন কৰি আহিছে। কিন্তু অসমত এই বন মহোৎসৱ সপ্তাহ পালনৰ এক প্ৰকাৰ বিৰোধিতা কৰিছে তিনিটা প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত সংগঠনে।
সংগঠনকেইটা ক্ৰমে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটি, অৰণ্য সুৰক্ষা সমিতি আৰু আৰ্লি বাৰ্ডচ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে সংগঠনকেইটাই।
কাৰণ বন সুৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ প্ৰতিবছৰে ধুমধামেৰে বন মহোৎসৱ সপ্তাহ পালন কৰা হয় যদিও অসমত তাৰ এখন বিপৰীত ছবিহে দেখা গৈ আছে।
‘অসম চৰকাৰে ঢাক-ঢোল বজাই ৰাজকোষৰ ধন খৰচ কৰি বন মহোৎসৱ পাতে কিন্তু তাৰ বিপৰীতে প্ৰতিদিনে অৰণ্য ধ্বংস, সংৰক্ষিত বনাঞ্চলত বেদখল, সংৰক্ষিত বনাঞ্চল সংকুচিত হোৱা, বন্য জন্তু-চৰাই চিৰিকতিৰ হত্যা চলিয়েই আছে। তেনেক্ষেত্ৰত বন মহোৎসৱ পতাৰ প্ৰয়োজনীয়তা ক’ত? কেইজোপা মান কৃষ্ণচূড়া ৰুই বন মহোৎসৱ পতাৰ কোনো প্ৰয়োজন নাই’ এইদৰে কয় কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ বিষয়বৱীয়া মুবিনা অখতাৰে।
কাজিৰঙাত এতিয়াও গড়ঁ হত্যা চলি থকা বুলি দাবী কৰি তেওঁ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বনাঞ্চল সমূহক বেদখল মুক্ত কৰাৰ বাবে পুনৰ উচ্ছেদ চলোৱাৰো দাবী তোলে।
‘কাজিৰঙাত এতিয়াও গড়ঁ হত্যা চলি আছে, যি কথা সংবাদমাধ্যম আৰু সাধাৰণ ৰাইজে গম নাপায়। বন বিভাগে দায় সৰাৰ বাবে গঁড়ৰ মৃতদেহ উদ্ধাৰ হ’লে তাক গোপনে পুতি থয়’, আখতাৰৰ গুৰুতৰ অভিযোগ।
সংবাদমেলখনত শেহতীয়াভাৱে আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাৰ বাবে অসমৰ পৰা চাৰিটা হাতী নিয়াৰ বাবে চৰকাৰী তৎপৰতাৰ বিষয়টোও উত্থাপিত হয়। পূৰ্বে অসমৰ পৰা বহিঃ ৰাজ্যলৈ নিয়া হাতীসমূহ পুনৰ ওভতাই ননাৰ প্ৰসংগেৰে ৰাজ্যত হাতীৰ অবৈধ বেহা চলি থকাৰ প্ৰসংগও উত্থাপন কৰি এইক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰা হয়।
বনৰীয়া হাতী ধৰা আৰু বন্দী কৰি ৰখা কাৰ্যক বে-আইনী আখ্যাৰে এই কাৰ্যৰ তীব্ৰ বিৰুধিতাৰ কৰাৰ লগতে সংগঠনকেইটাই অসমত অবাধে চলি থকা বনৰীয়া হাতী ধৰা বিষয়টোও এই তদন্তৰ আওটালৈ অনাৰ দাবী কৰে।
আনহাতে উক্ত সংবাদমেলতেই আৰ্লি বাৰ্ডচ নামৰ সংগঠনটোৰ বিষয়বৱীয়া মলয় বৰুৱাই দীপৰ বিলৰ পৰিসীমা আৰু যাতে সংকুচিত নহয় সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্পত প্ৰতিবছৰে নতুন নতুন গাঁৱৰ সৃষ্টি হোৱা বুলি উল্লেখ তেওঁ উদ্যানখনৰ প্ৰায় ১২ হাজাৰ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰা বুলিও এক ভয়ংকৰ তথ্য দাঙি ধৰে।
তদুপৰি ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ কুৰিখনৰো অধিক বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আৰু ২৭১ খন সংৰক্ষিত বনাঞ্চলত প্ৰায় চাৰিলাখ লোকে বেদখল কৰা বুলিও দাবী কৰে মলয় বৰুৱায়।