• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত বন মহোৎসৱ পালনৰ প্ৰয়োজনীয়তা নাই; কিয় এই মত প্ৰকৃতি সুৰক্ষা সংগঠনৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 1, 2019 6:04 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৫০ চনৰ পৰাই ভাৰতে ১ জুলাইৰ পৰা ৭ জুলাইলৈ বন মহোৎসৱ পালন কৰি আহিছে। কিন্তু অসমত এই বন মহোৎসৱ সপ্তাহ পালনৰ এক প্ৰকাৰ বিৰোধিতা কৰিছে তিনিটা প্ৰকৃতি সুৰক্ষাৰ লগত জড়িত সংগঠনে।

সংগঠনকেইটা ক্ৰমে কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটি, অৰণ্য সুৰক্ষা সমিতি আৰু আৰ্লি বাৰ্ডচ। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি এই কথা জানিবলৈ দিয়ে সংগঠনকেইটাই।

Apply Now

কাৰণ বন সুৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ প্ৰতিবছৰে ধুমধামেৰে বন মহোৎসৱ সপ্তাহ পালন কৰা হয় যদিও অসমত তাৰ এখন বিপৰীত ছবিহে দেখা গৈ আছে।

‘অসম চৰকাৰে ঢাক-ঢোল বজাই ৰাজকোষৰ ধন খৰচ কৰি বন মহোৎসৱ পাতে কিন্তু তাৰ বিপৰীতে প্ৰতিদিনে অৰণ্য ধ্বংস, সংৰক্ষিত বনাঞ্চলত বেদখল, সংৰক্ষিত বনাঞ্চল সংকুচিত হোৱা, বন্য জন্তু-চৰাই চিৰিকতিৰ হত্যা চলিয়েই আছে। তেনেক্ষেত্ৰত বন মহোৎসৱ পতাৰ প্ৰয়োজনীয়তা ক’ত? কেইজোপা মান কৃষ্ণচূড়া ৰুই বন মহোৎসৱ পতাৰ কোনো প্ৰয়োজন নাই’ এইদৰে কয় কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটিৰ বিষয়বৱীয়া মুবিনা অখতাৰে।

কাজিৰঙাত এতিয়াও গড়ঁ হত্যা চলি থকা বুলি দাবী কৰি তেওঁ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বনাঞ্চল সমূহক বেদখল মুক্ত কৰাৰ বাবে পুনৰ উচ্ছেদ চলোৱাৰো দাবী তোলে।

‘কাজিৰঙাত এতিয়াও গড়ঁ হত্যা চলি আছে, যি কথা সংবাদমাধ্যম আৰু সাধাৰণ ৰাইজে গম নাপায়। বন বিভাগে দায় সৰাৰ বাবে গঁড়ৰ মৃতদেহ উদ্ধাৰ হ’লে তাক গোপনে পুতি থয়’, আখতাৰৰ গুৰুতৰ অভিযোগ।

সংবাদমেলখনত শেহতীয়াভাৱে আহমেদাবাদৰ জগন্নাথ মন্দিৰৰ ৰথ যাত্ৰাৰ বাবে অসমৰ পৰা চাৰিটা হাতী নিয়াৰ বাবে চৰকাৰী তৎপৰতাৰ বিষয়টোও উত্থাপিত হয়। পূৰ্বে অসমৰ পৰা বহিঃ ৰাজ্যলৈ নিয়া হাতীসমূহ পুনৰ ওভতাই ননাৰ প্ৰসংগেৰে ৰাজ্যত হাতীৰ অবৈধ বেহা চলি থকাৰ প্ৰসংগও উত্থাপন কৰি এইক্ষেত্ৰত এক উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰা হয়।

বনৰীয়া হাতী ধৰা আৰু বন্দী কৰি ৰখা কাৰ্যক বে-আইনী আখ্যাৰে এই কাৰ্যৰ তীব্ৰ বিৰুধিতাৰ কৰাৰ লগতে সংগঠনকেইটাই অসমত অবাধে চলি থকা বনৰীয়া হাতী ধৰা বিষয়টোও এই তদন্তৰ আওটালৈ অনাৰ দাবী কৰে।

আনহাতে উক্ত সংবাদমেলতেই আৰ্লি বাৰ্ডচ নামৰ সংগঠনটোৰ বিষয়বৱীয়া মলয় বৰুৱাই দীপৰ বিলৰ পৰিসীমা আৰু যাতে সংকুচিত নহয় সেয়া নিশ্চিত কৰাৰ বাবে চৰকাৰক দাবী জনায়। মানাহ ৰাষ্ট্ৰীয় উদ্যান তথা ব্যঘ্ৰ প্ৰকল্পত প্ৰতিবছৰে নতুন নতুন গাঁৱৰ সৃষ্টি হোৱা বুলি উল্লেখ তেওঁ উদ্যানখনৰ প্ৰায় ১২ হাজাৰ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত পৰা বুলিও এক ভয়ংকৰ তথ্য দাঙি ধৰে।

তদুপৰি ইয়াৰ সমান্তৰালকৈ ৰাজ্যখনৰ কুৰিখনৰো অধিক বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান আৰু ২৭‍১ খন সংৰক্ষিত বনাঞ্চলত প্ৰায় চাৰিলাখ লোকে বেদখল কৰা বুলিও দাবী কৰে মলয় বৰুৱায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

২২ হাজাৰ কোটিৰ ঋণ, মাত্ৰ ৬.৫ কোটি টকাত নিষ্পত্তি! সুভাষ চন্দ্ৰৰ ব্যক্তিগত দেউলীয়া প্ৰক্ৰিয়াত NCLT-ৰ সিদ্ধান্তক লৈ তীব্ৰ বিতৰ্ক

August 28, 2026 7:00 am
ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd