‘আইনৰ উৰ্দ্ধত কোনো নহয়’ : অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী দেশমুখৰ প্ৰতিক্ৰিয়া

anil-deshmukh

‘আইনৰ উৰ্দ্ধত কোনো নহয়।’ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয়।

মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী গৰাকীয়ে লগতে আৰু কয়, “আইনৰ উৰ্দ্ধত কোনো নহয়। মহাৰাষ্ট্ৰ আৰক্ষীয়ে আইনমতে নিজৰ কাম কৰি যাব।”

ইফালে পূৰ্বে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত শিৱ সেনাৰ নেতা সঞ্জয় ৰাউতে কয় যে অৰ্ণৱ গোস্বামীক ‘আইনী প্ৰক্ৰিয়াৰে গ্ৰেপ্তাৰ’ কৰা হৈছে।

লগতে পঢ়ক : ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ

বুধবাৰে পুৱা মুম্বাই আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক নিজ বাসগৃহৰ পৰা ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগ গ্ৰেপ্তাৰ কৰিছে।

ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু কুমুদ নাইকৰ ২০১৮ চনৰ আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা বুলি মুম্বাই আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ২০১৮ চনৰ মে’ মাহত ৫৩ বছৰীয়া ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃ কুমুদ নাইকে আত্মহত্যা কৰিছিল।

লগতে পঢ়ক : অনভয় নাইকৰ আত্মহত্যাৰ গোচৰত অর্ণৱ গোস্বামীক কিয় গ্ৰেপ্তাৰ কৰিলে মুম্বাই আৰক্ষীয়ে ? জানিবলৈ পঢ়ক

অভিযোগ উঠিছিল যে ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইকে কামৰ বিনিয়মত পাব লগীয়া ৫.৪০ কোটি টকা অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতেশ চাদ্ৰাই আদায় দিয়া নাছিল।

শেহতীয়াকৈ ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে টিআৰপি কেলেংকাৰিৰো অভিযোগ উত্থাপন হৈছে, যিটো মম্বাই আৰক্ষীয়ে তদন্ত কৰি আছে।

আনহাতে পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সময়ত অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰত ধৰ্মীয় আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল।