বুধবাৰে পুৱা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই আৰক্ষীয়ে।
মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে যে অনভয় নাইক আৰু তেওঁ মাতৃৰ আত্মহত্যাৰ এটা দুবছৰীয়া পুৰণি গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে।
মুম্বাই আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৬ ধাৰাৰ অধীনত আত্মহত্যাৰ বাবে প্ৰৰোচনা কৰাৰ অভিযোগত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।
ৰিপাব্লিক টিভি শুভাৰম্ভ হোৱাৰ এবছৰ পিছত ২০১৮ চনত ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক আৰু তেওঁৰ মাতৃয়ে আত্মহত্যা কৰিছিল।
অনভয় নাইকে আত্মহ্যতাৰ পূৰ্বে এটা চুইচাইড টোকা লিখি গৈছিল। টোকাটোত তেওঁ উল্লেখ কৰিছিল যে ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামী আৰু অন্য দুজন লোকে তেওঁ পাবলগীয়া ৫.৪০ কোটি টকা আদায় নিদি আত্মহত্যা কৰিবলৈ হেঁচা দিছিল।
ইন্টেৰিয়’ৰ ডিজাইনাৰ অনভয় নাইক ক’ণকৰ্ড ডিজাইন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আছিল আৰু ৰিপাব্লিক টিভিৰ ইন্টেৰিয়’ৰ ডিজাইনৰ কাম কৰিছিল।
ইয়াৰ বাবদ নাইকে ৰিপাব্লিক টিভিৰ অৰ্ণৱ গোস্বামীৰ লগতে অন্য দুজন লোকৰ পৰা ৫.৪০ কোটি টকা পাবলৈ আছিল। সেই বৃহৎ পৰিমাণৰ ধন আদায় নিদি অৰ্ণৱ গোস্বামীসহ দুজন লোকে অনভয় নাইকক আত্মহত্যা কৰিবলৈ প্ৰৰোচিত কৰিছিল বুলি অভিযোগ উত্থাপন উঠিছিল। এই বিষয়ে চুইচাইড নোটছত নাইকে স্পষ্টভাৱে উল্লেখ কৰি গৈছে।
অনভয় নাইক আৰু মাতৃয়ে আত্মহত্যা কৰাৰ পিছত আলিব’গ আৰক্ষী থানাত অৰ্ণৱ গোস্বামীসহ তিনিজন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।
কিন্তু এই গোচৰটো অজ্ঞাত কাৰণত শেষত বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছতে মহাৰাষ্ট্ৰত চৰকাৰ পৰিৱৰ্তন হয়।
এইবাৰ অনভয় নাইকৰ কন্যা আদন্যা নাইকে পিতৃ আৰু আইতাকৰ আত্মহ্যতাৰ ন্যায় বিচাৰি পুনৰ নতুনকৈ এক অভিযোগ দাখিল কৰে মুম্বাই আৰক্ষীৰ ওচৰত। এই অভিযোগৰ ভিত্তিতে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অণিল দেশমুখে আৰক্ষীক গোচৰটো পুনৰ তদন্ত আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে।
ইয়াৰ মাজতে অনভয় নাইকৰ পত্নীয়ে এটা ভিডিঅ’ মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত অপৰ্ণ কৰে, য’ত নাইকৰ আত্মহত্যাৰ বাবে অৰ্ণৱ গোস্বামীক অভিযুক্ত কৰা হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে।
ইফালে গোচৰটো পঞ্জীয়ন কৰি পুনৰ তদন্ত আৰম্ভ কৰাৰ লগে লগে ৰিপাব্লিক টিভিয়ে নাইকক ৯০ শতাংশ ধন আদায় দিয়া বুলি দাবী কৰি বিষয়টো শেষ মীমাংসা কৰিবলৈ লৈছিল বুলি এক বিবৃতি প্ৰকাশ কৰে। ইয়াৰ লগতে ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰো অভিযোগ কৰে ৰিপাব্লিক টিভিএ।
উল্লেখ্য যে শেহতীয়াকৈ ৰিপাব্লিক টিভি আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে টিআৰপি কেলেংকাৰিৰো অভিযোগ উত্থাপন হৈছে, যিটো মম্বাই আৰক্ষীয়ে তদন্ত কৰি আছে।
আনহাতে পালঘৰ গণপ্ৰহাৰ কাণ্ডৰ সময়ত অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰত ধৰ্মীয় আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন হৈছিল।