আজি ডেৰ বছৰে মণিপুৰ ভাতৃঘাতী সংঘৰ্ষত অশান্ত হৈ আছে। এতিয়ালৈকে কেইবাশ মানুহৰ প্ৰাণহানি হৈছে, হাজাৰ হাজাৰ মানুহে ঘৰ-বাৰী হেৰুৱাই মাহৰ পিছত মাহ আশ্ৰয় শিবিৰত অবৰ্ণনীয় অৱস্থাত দিন কটাবলগা হৈছে। মানুহৰ স্বাভাৱিক জীৱন নোহোৱা হৈছে। কিন্তু কেন্দ্ৰ চৰকাৰ নিৰ্বিকাৰ। মণিপুৰৰ অস্বাভাৱিক অৱস্থাৰ কথা তেওঁলোকে মানি ল’বই নিবিচাৰে। সংসদত সেই বিষয়ে একো আলোচনা কৰিব নিবিচাৰে। আজিলৈকে, দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অৱস্থাৰ বুজ ল’বলৈ এবাৰো মণিপুৰলৈ নগ’ল।
আচলতে, আমাৰ দেশ কেনেকৈ চলিছে তাৰ জ্বলন্ত উদাহৰণ মণিপুৰ। ৰাষ্ট্ৰযন্ত্ৰ আৰু অনুষ্ঠান -প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণকৈ হাত কৰি, বিভিন্ন কৌশলেৰে বিৰোধীৰ মাজত বিভাজন আনি আৰু অকল্পনীয় ধনবল ব্যৱহাৰ কৰি কেৱল নিৰ্বাচনত জিকাটোৱেই হৈ পৰিছে এতিয়া বিজেপিৰ ৰাজনীতি। তাৰ শেহতীয়া উদাহৰণ, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ। সকলোৱে ভাবিছিল লোকসভা নিৰ্বাচনৰ ফলাফলে বিজেপিক কিছু বেকায়দাত পেলাব। কিন্তু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ সমৰ্থনত চলি থকা বিজেপি চৰকাৰখনে আগৰ দৰেই এতিয়াও এফালৰ পৰা সকলো মহটিয়াই নিব ধৰিছে। আনহাতে, সাম্প্ৰদায়িক বিষবাষ্প, মূল্যবৃদ্ধি ,কৰ্ম- সংস্থানহীনতা আৰু আন হেজাৰটা সমস্যাই সাধাৰণ মানুহৰ জীৱন দুৰ্বিষহ কৰি তুলিছে।শাসকীয় দলৰ উচটনি আৰু আনমনা মনোভাবৰ বাবেই আজি মণিপুৰৰ এই অৱস্থা।
কাইলৈ সেই অৱস্থা উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যলৈ যে বিয়পি নাযাব তাৰ কি নিশ্চয়তা আছে? বিজেপিৰ এই কু-শাসনৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ বিকল্প – বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু সাধাৰণ ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টা।সেয়ে, আহক দহ ডিচেম্বৰৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনা মণিপুৰৰ জনসাধাৰণ লগত সমমৰ্মিতা প্ৰকাশ কৰি মণিপুৰলৈ শীঘ্ৰে স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দাবীত অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসম-এ ঐক্যবদ্ধ হৈ কাইলৈ ২:০০ বজাৰ পৰা ৩:০০ বজালৈ এক মৌন প্ৰতিবাদ কৰিব। উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ সকলো সচেতন নাগৰিকক আহ্বান জনাইছে অসম নাগতিক সমাজৰ অজিত ভূঞা আৰু ভাৰত জোড়ো অভিযান, অসমৰ পৰেশ মালাকাৰে।