NORTHEAST NOW (Assamese)

শোণিতপুৰৰ গাওঁ অন্তৰ্ভুক্ত নহয় য়ু টি চিত; অসমৰ অখণ্ডতাক লৈ শংকিত নহ’ব : হিমন্ত বিশ্ব

January 25, 2020 4:14 pm · কল্পজ্যোতি শইকীয়া
Updated: January 25, 2020 4:27 pm
হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

বড়ো চুক্তিৰ জৰিয়তে গঠন কৰিব লগীয়া বড়ো কেন্দ্ৰশাসিত পৰিষদত বৰ্তমান কোনো নতুন জিলা বা গাওঁ অন্তৰ্ভুক্ত কৰা নহয় বুলি মন্তব্য কৰিছে বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীজনে কয় যে অসমৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব।

মন্ত্ৰী হিমন্ত বিশ্বই সংবাদমেল কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অসমৰ ৰাইজৰ ক্ষতি কৰিব পৰা কোনো ধৰণৰ চুক্তি কৰিব নোৱাৰে আৰু তেওঁলোকে নকৰে।

পূৰ্বেও নাগৰিকত্ব (সংশোধন) আইনক লৈ শংকিত নহ’বলৈ অসমীয়াক বাৰে বাৰে আশ্বাস দি অহা মন্ত্ৰী হিমন্ত বিশ্বই আজি বড়ো চুক্তিক লৈও শংকিত নহ’বলৈ আহ্বান জনাইছে।

“ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে এই চুক্তিখনে অসমৰ অখণ্ডতাক সন্মান কৰিব আৰু ইয়াত বৰ্তমান কোনো নতুন গাওঁ বা কোনো নতুন অঞ্চল সন্নিৱিষ্ট কৰাৰ প্ৰস্তাৱ অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেই বাবে মই অসমৰ ৰাইজক, বিশেষকৈ অবিভক্ত শোণিতপুৰ জিলাৰ ৰাইজক আতংকিত নহ’বলৈ অনুৰোধ কৰিম।”

বিভিন্ন মাধ্যমত প্ৰকাশিত বাতৰি মতে, কেন্দ্ৰীয় চৰকাৰে অসমৰ বুকুতে ঘোষণা কৰিবলৈ ওলোৱা বড়ো কেন্দ্ৰশাসিত পৰিষদখনত শোণিতপুৰ, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ গাওঁ অন্তৰ্ভুক্ত হ’ব।

Related News