NORTHEAST NOW (Assamese)

কাৰ স্বাৰ্থত ডলু বাগিছাৰ উচ্ছেদ! আৰ টি আই তথ্যত ফাদিল অসম চৰকাৰৰ মিথ্যাচাৰিতা

June 3, 2022 9:43 pm · এন ই নাও নিউজ, গুৱাহাটী

গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ নামত ৰাজ্য চৰকাৰে ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ আছিল অসম চৰকাৰৰ এক উদ্দেশ্যপ্ৰণোদিত পৰিকল্পনা। যি এয়াৰপ’ৰ্ট স্থাপনৰ নামত ভূমি অধিগ্ৰহণৰ বাবে বাগিছাখনত উচ্ছেদ চলোৱা হৈছিল, বাগিছাখনৰ ভূমিত সেই এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নাই এয়াৰপ’ৰ্ট এথৰিটি অফ ইণ্ডিয়াৰ। এক আৰ টি আইৰ ৰিপ’ৰ্টত এই কথা উল্লেখ কৰিছে এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়াই।

এই আৰ টি আই ৰিপৰ্টে এতিয়া উন্মোচিত কৰিছে অসম চৰকাৰৰ মিথ্যাচাৰিতা। আৰ টি আইৰ উত্তৰত এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়াই প্ৰকাশ কৰা মতে দেশৰ মুঠ ২১ টা স্থানত গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণ কৰা হ’ব। কিন্তু এই ২১ টা স্থানৰ ভিতৰত ডলু চাহ বাগিছা অন্তৰ্ভুক্ত হোৱা নাই।

উল্লেখ্য যে গ্ৰীণ ফিল্ড এয়াৰ প’ৰ্ট নিৰ্মাণৰ পৰিকল্পনাৰ অজুহাত দেখুৱাই অসম চৰকাৰে ডলু চাহ বাগিছাৰ এক বৃহৎ অংশ উচ্ছেদ কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।

কিন্তু এতিয়া এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এই ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছে। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

কোনো বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসম চৰকাৰে বাগিছাৰ মাটি মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগক অৱশ্যে নাকচ কৰিব নোৱাৰি। অনাগত সময়ত এই বিষয়ত অসম চৰকাৰে কি মন্তব্য কৰে সি লক্ষ্যণীয় হ’ব।

Related News