DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কাৰ স্বাৰ্থত ডলু বাগিছাৰ উচ্ছেদ! আৰ টি আই তথ্যত ফাদিল অসম চৰকাৰৰ মিথ্যাচাৰিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 9:43 pm
Dolu tea garden
122
VIEWS
Share on FacebookShare on Twitter

গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণৰ নামত ৰাজ্য চৰকাৰে ডলু চাহ বাগিছাত চলোৱা উচ্ছেদ আছিল অসম চৰকাৰৰ এক উদ্দেশ্যপ্ৰণোদিত পৰিকল্পনা। যি এয়াৰপ’ৰ্ট স্থাপনৰ নামত ভূমি অধিগ্ৰহণৰ বাবে বাগিছাখনত উচ্ছেদ চলোৱা হৈছিল, বাগিছাখনৰ ভূমিত সেই এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নাই এয়াৰপ’ৰ্ট এথৰিটি অফ ইণ্ডিয়াৰ। এক আৰ টি আইৰ ৰিপ’ৰ্টত এই কথা উল্লেখ কৰিছে এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়াই।

এই আৰ টি আই ৰিপৰ্টে এতিয়া উন্মোচিত কৰিছে অসম চৰকাৰৰ মিথ্যাচাৰিতা। আৰ টি আইৰ উত্তৰত এয়াৰপ’ৰ্ট অৰ্থৰিটি অফ ইণ্ডিয়াই প্ৰকাশ কৰা মতে দেশৰ মুঠ ২১ টা স্থানত গ্ৰীণ ফিল্ড এয়াৰপ’ৰ্ট নিৰ্মাণ কৰা হ’ব। কিন্তু এই ২১ টা স্থানৰ ভিতৰত ডলু চাহ বাগিছা অন্তৰ্ভুক্ত হোৱা নাই।

উল্লেখ্য যে গ্ৰীণ ফিল্ড এয়াৰ প’ৰ্ট নিৰ্মাণৰ পৰিকল্পনাৰ অজুহাত দেখুৱাই অসম চৰকাৰে ডলু চাহ বাগিছাৰ এক বৃহৎ অংশ উচ্ছেদ কৰিছিল। চৰকাৰৰ এই স্বৈৰাচ্ছাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ।

উচ্ছেদৰ বিৰোধিতাৰে ডলু চাহ বাগিছাৰ লগতে সমগ্ৰ ৰাজ্যতে চাহ কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এনে প্ৰতিবাদৰ পিছতো গা লৰা নাছিল অসম চৰকাৰৰ।

কিন্তু এতিয়া এয়াৰপ’ৰ্ট অৰ্থৰিটি অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এই ৰিপ’ৰ্টে ডলু চাহ বাগিছাত কোনো এয়াৰপ’ৰ্ট নিৰ্মাণ নহয় বুলি নিশ্চিত কৰিছে। কিন্তু এয়াৰপ’ৰ্ট নিৰ্মাণৰ কোনো পৰিকল্পনা নথকাৰ পাছতো অসম চৰকাৰে মিথ্যাচাৰিতাৰ আশ্ৰয় লৈ এইদৰে ভুৱা প্ৰচাৰ কিয় চলাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

কোনো বৃহৎ পুঁজিপতিৰ স্বাৰ্থত অসম চৰকাৰে বাগিছাৰ মাটি মুকলি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগক অৱশ্যে নাকচ কৰিব নোৱাৰি। অনাগত সময়ত এই বিষয়ত অসম চৰকাৰে কি মন্তব্য কৰে সি লক্ষ্যণীয় হ’ব।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd