২০১৪ চনৰ পৰাই প্ৰতিটো নিৰ্বাচনৰ সময়ত অসমৰ ৬ জনগোষ্ঠীক তেওঁলোকে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা জনজাতিকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি অহা বিজেপিৰ পাঁচ বছৰীয়া শাসনৰ এই ওৰ পৰো ওৰ পৰো। ৰাজ্যসভাৰ শেষ অধিৱেশনত জনজাতিকৰণৰ বাবে বিধেয়ক উত্থাপন কৰাৰ আশ কৰিছিল জনগোষ্ঠীকেইটাৰ আন্দোলনকাৰী নেতৃত্বই। কিন্তু সেয়াও নহ’ল।
সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে বিষয়টো মীমাংসাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক মন্ত্ৰী গোট গঠন কৰিছিল যদিও বৰ্তমানো সমিতিখনে কোনোধৰণৰ প্ৰতিবেদন প্ৰেৰণ নকৰিলে কেন্দ্ৰীয় চৰকাৰক। ফলত কমিটি নিৰ্মাণ কৰি দিয়াটোও এক প্ৰকাৰ ভেকোভাওনাত পৰিণত হ’ল।
তাৰ পিছত জনগোষ্ঠীকেইটাক জনজাতিৰ স্বীকৃতি দিয়াৰ শেষ বিকল্প আছিল ইয়াৰ বাবে অধ্যাদেশ (ordinance) অনা। কিন্তু লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ মাজত মাথো ৩-৪ দিন বাকী থকা অৱস্থাত (অহা ৮ মাৰ্চত কৰাৰ কথা) সেইটোও যে নহয়গৈ এয়া ধুৰুপ।
বস্তুতঃ জনজাতিকৰণৰ কোনো আশা নাই। তাৰ পিছতো ইমান দিনে ৰাজ্য উত্তাল কৰি ৰখা আন্দোলনকাৰী সংগঠন, নেতাসকল নিমাত। ইয়াৰ ৰহস্য বিচাৰি আজি নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল কেইবাটাও সংগঠনৰ নেতৃত্বক।
কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অতুল বৰ্মনে আমাৰ সাংবাদিকৰ আগত ৰেইলপথ অৱৰোধ আৰু ৰাজপথ অৱৰোধৰ দৰে কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি দোহৰাৰ লগতে কয়, “যদি অধ্যাদেশ জাৰি কৰি হ’লেও আমাৰ জনজাতিকৰণ নকৰে, তেন্তে কোচ ৰাজবংশীয় জনবসতিপূৰ্ণ এলেকাত বিজেপি আৰু বিপিএফৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব। তেওঁলোকে কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি সকীয়াই দিলো।”
অৱশ্যে কেতিয়াৰ পৰা এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব সেয়া বৰ্তমানো অস্পষ্ট। তেওঁ কয়, “দেওবাৰে আমাৰ কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি কেতিয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব সেয়া নিশ্চিত কৰা হ’ব।”
চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়ায়ো ‘বিজেপি চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱ’ বুলি আমাৰ আগত কয়।
ইয়াৰোপৰি এইবাৰ ‘জনজাতিকৰণ’ৰ প্ৰসংগটো নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ বিজেপিক দিয়া নহ’ব বুলি তেওঁ হুকাৰ দিয়ে।
ইপিনে, জনজাতিকৰণৰ দাবীত তেওঁলোকে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব সেয়া বৰ্তমানলৈকে সিদ্ধান্ত লোৱা নাই, অৰ্থ্যাৎ পৰৱৰ্তী বৈঠকতহে সিদ্ধান্ত ল’ব সদৌ চুতীয়া ছাত্ৰ সন্থাই।
সদৌ অসম চাহ শ্ৰমিক ছাত্ৰ সন্থায়ো (আটছা) বিজেপিক আগন্তুক লোকসভা নিৰ্বাচনত শিক্ষা দিয়াৰ হুংকাৰ দিয়ে। ছয় জনগোষ্ঠীৰ জনসাধাৰণৰ পৰা বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সংগঠনটোৰ সভাপতি ৰাজেন কুমাৰে আমাৰ আগত কয়।
তেওঁ আৰু কয়, “বিজেপিৰ বিৰুদ্ধে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱা হ’ব। বিজেপি চৰকাৰে যে ৫ বছৰে জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণাই কৰিলে, তেওঁলোকৰ এয়া কেৱল নিৰ্বাচনী টোপহে আছিল, সেই কথা চাহ জনগোষ্ঠীয় লোকসকলক জনাই দিয়া হ’ব।”
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপি দলৰ ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ ২৮ নং পৃষ্ঠাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ২০১৫ চনৰ ৬ আগষ্টত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ আগত সোনকালেই জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। লগতে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত মডেল কমিটি গঠন কৰি ছমাহৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ উপৰি ২০১৬ চনৰ ১৮ জানুৱাৰিতো অসমৰ ছয় জনগোষ্ঠীৰ নেতাৰ আগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান বন্দৰত আশ্বাস দিছিল।
ইপিনে, কাইলৈ মোদী চৰকাৰৰ অন্তিমখন কেবিনেট। গতিকে কাইলৈৰ কেবিনেটত চৰকাৰে জনজাতিকৰণৰ অধ্যাদেশ জাৰি কৰি জনজাতিকৰণৰ বাবে সিদ্ধান্ত স্পষ্ট কৰিবলৈ আজি গান্ধীবস্তিস্থিত কাৰ্য্যালয়ত সংবাদমেলযোগে চৰকাৰক আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে।