• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৱা পাঁচ বছৰ ৰাজ্য উত্তাল কৰি অহা ছয় জনগোষ্ঠীৰ নেতৃত্ব হঠাতে নীৰৱ কিয়?

বিজেপিৰ প্ৰতাৰণাক শিৰপাতি ল’লে নেকি ছয় জনগোষ্ঠীৰ নেতৃত্বই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2019 8:17 pm
SC status

জনজাতিকৰণৰ দাবীত কৰা আন্দোলনৰ এটা দৃশ্য : ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৪ চনৰ পৰাই প্ৰতিটো নিৰ্বাচনৰ সময়ত অসমৰ ৬ জনগোষ্ঠীক তেওঁলোকে দীৰ্ঘদিনৰ পৰা দাবী কৰি অহা জনজাতিকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি অহা বিজেপিৰ পাঁচ বছৰীয়া শাসনৰ এই ওৰ পৰো ওৰ পৰো। ৰাজ্যসভাৰ শেষ অধিৱেশনত জনজাতিকৰণৰ বাবে বিধেয়ক উত্থাপন কৰাৰ আশ কৰিছিল জনগোষ্ঠীকেইটাৰ আন্দোলনকাৰী নেতৃত্বই। কিন্তু সেয়াও নহ’ল।

সমাগত লোকসভা নিৰ্বাচনলৈ লক্ষ্য কৰি কেন্দ্ৰীয় চৰকাৰে বিষয়টো মীমাংসাৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এক মন্ত্ৰী গোট গঠন কৰিছিল যদিও বৰ্তমানো সমিতিখনে কোনোধৰণৰ প্ৰতিবেদন প্ৰেৰণ নকৰিলে কেন্দ্ৰীয় চৰকাৰক। ফলত কমিটি নিৰ্মাণ কৰি দিয়াটোও এক প্ৰকাৰ ভেকোভাওনাত পৰিণত হ’ল।

Apply Now

তাৰ পিছত জনগোষ্ঠীকেইটাক জনজাতিৰ স্বীকৃতি দিয়াৰ শেষ বিকল্প আছিল ইয়াৰ বাবে অধ্যাদেশ (ordinance) অনা। কিন্তু লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ মাজত মাথো ৩-৪ দিন বাকী থকা অৱস্থাত (অহা ৮ মাৰ্চত কৰাৰ কথা) সেইটোও যে নহয়গৈ এয়া ধুৰুপ।

বস্তুতঃ জনজাতিকৰণৰ কোনো আশা নাই। তাৰ পিছতো ইমান দিনে ৰাজ্য উত্তাল কৰি ৰখা আন্দোলনকাৰী সংগঠন, নেতাসকল নিমাত। ইয়াৰ ৰহস্য বিচাৰি আজি নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল কেইবাটাও সংগঠনৰ নেতৃত্বক।

কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি অতুল বৰ্মনে আমাৰ সাংবাদিকৰ আগত ৰেইলপথ অৱৰোধ আৰু ৰাজপথ অৱৰোধৰ দৰে কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি দোহৰাৰ লগতে কয়, “যদি অধ্যাদেশ জাৰি কৰি হ’লেও আমাৰ জনজাতিকৰণ নকৰে, তেন্তে কোচ ৰাজবংশীয় জনবসতিপূৰ্ণ এলেকাত বিজেপি আৰু বিপিএফৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব। তেওঁলোকে কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব বুলি সকীয়াই দিলো।”

অৱশ্যে কেতিয়াৰ পৰা এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব সেয়া বৰ্তমানো অস্পষ্ট। তেওঁ কয়, “দেওবাৰে আমাৰ কাৰ্য্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি কেতিয়া প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব সেয়া নিশ্চিত কৰা হ’ব।”

চুতীয়া জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষীৰোদ শইকীয়ায়ো ‘বিজেপি চৰকাৰৰ সদ্দিচ্ছাৰ অভাৱ’ বুলি আমাৰ আগত কয়।

ইয়াৰোপৰি এইবাৰ ‘জনজাতিকৰণ’ৰ প্ৰসংগটো নিৰ্বাচনী টোপ হিচাপে ব্যৱহাৰ কৰিবলৈ বিজেপিক দিয়া নহ’ব বুলি তেওঁ হুকাৰ দিয়ে।

ইপিনে, জনজাতিকৰণৰ দাবীত তেওঁলোকে পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিব সেয়া বৰ্তমানলৈকে সিদ্ধান্ত লোৱা নাই, অৰ্থ্যাৎ পৰৱৰ্তী বৈঠকতহে সিদ্ধান্ত ল’ব সদৌ চুতীয়া ছাত্ৰ সন্থাই।

সদৌ অসম চাহ শ্ৰমিক ছাত্ৰ সন্থায়ো (আটছা) বিজেপিক আগন্তুক লোকসভা নিৰ্বাচনত শিক্ষা দিয়াৰ হুংকাৰ দিয়ে। ছয় জনগোষ্ঠীৰ জনসাধাৰণৰ পৰা বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি সংগঠনটোৰ সভাপতি ৰাজেন কুমাৰে আমাৰ আগত কয়।

তেওঁ আৰু কয়, “বিজেপিৰ বিৰুদ্ধে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰচাৰ চলোৱা হ’ব। বিজেপি চৰকাৰে যে ৫ বছৰে জনজাতিকৰণৰ নামত কেৱল প্ৰতাৰণাই কৰিলে, তেওঁলোকৰ এয়া কেৱল নিৰ্বাচনী টোপহে আছিল, সেই কথা চাহ জনগোষ্ঠীয় লোকসকলক জনাই দিয়া হ’ব।”

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিজেপি দলৰ ২০১৪ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ ২৮ নং পৃষ্ঠাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিছিল। সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ২০১৫ চনৰ ৬ আগষ্টত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ আগত সোনকালেই জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। লগতে ২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত মডেল কমিটি গঠন কৰি ছমাহৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি ঘোষণা কৰাৰ উপৰি ২০১৬ চনৰ ১৮ জানুৱাৰিতো অসমৰ ছয় জনগোষ্ঠীৰ নেতাৰ আগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমান বন্দৰত আশ্বাস দিছিল।

ইপিনে, কাইলৈ মোদী চৰকাৰৰ অন্তিমখন কেবিনেট। গতিকে কাইলৈৰ কেবিনেটত চৰকাৰে জনজাতিকৰণৰ অধ্যাদেশ জাৰি কৰি জনজাতিকৰণৰ বাবে সিদ্ধান্ত স্পষ্ট কৰিবলৈ আজি গান্ধীবস্তিস্থিত কাৰ্য্যালয়ত সংবাদমেলযোগে চৰকাৰক আহ্বান জনায় কৃষক নেতা অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd