৮৭ বছৰীয়া ঐতিহ্যত আঘাত! : চলিত ছিজনৰ ৰঞ্জী ট্ৰফী বাতিল; কিন্তু কিয় লোৱা হ’ল এই সিদ্ধান্ত?

index.jpgmmm

ঘৰুৱা ক্ৰিকেটৰ বাবে অতি দুঃসম্বাদ। চলিত ছিজনৰ ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা বাতিল কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

ক’ৰ’ণা মহামাৰীৰ বাবে বিচিচিআই-এ ঘৰুৱা ক্ৰিকেটৰ বৃহৎ প্ৰতিযোগিতাখন বাতিল কৰা বুলি প্ৰকাশ কৰিছে। ইয়াৰ লগে লগে ৮৭ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতা বাতিল হৈছে।

অৱশ্যে ৰঞ্জী ট্ৰফীৰ বাহিৰে অন্যান্য ঘৰুৱা ক্ৰিকেট প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হ’ব বুলি জনাইছে ব’ৰ্ডে।

ঘৰুৱা ক্ৰিকেটৰ বৃহৎ প্ৰতিযোগিতা ৰঞ্জী ট্ৰফীৰ মেচসমূহ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয়।

ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিবলৈ অতি কমেও দুমাহ সময়ৰ প্ৰয়োজন। কিন্তু ঘৰুৱা ক্ৰিকেটৰ অন্যান্য ছুটি সংস্কৰণৰ প্ৰতিযোগিতাবোৰৰ সৈতে ৰঞ্জী ট্ৰফী প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ বিচিচিআই-এ সাহস কৰিব পৰা নাই।

ইফালে এপ্ৰিলৰ প্ৰথম ভাগৰ পৰাই চলিত বৰ্ষৰ আইপিএল অনুষ্ঠিত হোৱাৰ কথা। ব’ৰ্ডে মাৰ্চ মাহৰ শেষৰ ফালে আইপিলএৰ বাবে সকলো ক্ৰিকেটাৰকে ঘৰুৱা ক্ৰিকেট সূচীৰ পৰা মুকলি কৰি দিব খুজিছে।

আনহাতে আইপিএলৰ সমান্তৰালভাৱে ৰঞ্জী ট্ৰফীৰ মেচ অনুষ্ঠিত কৰাটো অসম্ভৱ।

সেয়ে ব’ৰ্ডে ঘৰুৱা ক্ৰিকেটৰ অন্যান্য ছুটি সংস্কৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰি দীঘলীয়া সংস্কৰণৰ ৰঞ্জী প্ৰতিযোগিতা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ব’ৰ্ডে জনাইছে যে ৰঞ্জী ট্ৰফীৰ প্ৰতিযোগিতা অনুষ্ঠিত নহ’লেও ৰঞ্জী খেলুৱৈসকলৰ মেচ ফী প্ৰদান কৰিব ব’ৰ্ডে। উল্লেখ্য যে ৰঞ্জীৰ একোখন মেচৰ বাবে একোজন খেলুৱৈয়ে প্ৰতিদিনে ৪৫ হাজাৰকৈ টকা মেচ ফী হিচাপে লাভ কৰে।

স্মৰ্তব্য যে বিগত মাহত মুস্তাক আলী টি-টুৱেণ্টি ঘৰুৱা প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছিল বিচিচিআই-এ। ইয়াৰ পিছতে বিজয় হাজাৰে প্ৰতিযোগিতাখনো অনুষ্ঠিত কৰিব বুলি জনাইছে ব’ৰ্ডে।