NORTHEAST NOW (Assamese)

নাই কোনো অনুশোচনা! পুত্ৰৰ সমুখতে পত্নীক হত্যা কৰাৰ পাছত বীৰদৰ্পে আত্মসমৰ্পণ

October 20, 2024 10:14 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। নিজ স্বামীয়ে দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰিলে পত্নীক! শাহুৱেক আৰু পুত্ৰৰ সন্মুখতে দাৰে ঘপিয়াই হত্যা কৰি হাতত দা লৈ বিজয়নগৰ আৰক্ষী চকীত উপস্থিত হয় অভিযুক্ত স্বামী কুশল ঠাকুৰীয়া।

বৰ্তমান পলাশবাৰী আৰক্ষী থানাত ৰখা হৈছে হত্যাকাৰী স্বামী কুশল ঠাকুৰীয়াক। দক্ষিণ কামৰূপৰ দখলা মাজপাৰাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

উল্লেখযোগ্য যে, মৃত মহিলাগৰাকী এটি সন্তানৰ মাতৃ। স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, মাতাল স্বামীয়ে প্ৰায়েই পত্নীৰ ওপৰত আতিশয্য কৰিছিল। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ।

এই হত্যাকাণ্ডৰ লগত জড়়িত থকাৰ সন্দেহত মৃত মহিলাগৰাকীৰ শাহুৱেক অৰ্থাৎ অভিযুক্ত কুশল ঠাকুৰীয়াৰ মাতৃকো আৰক্ষীয়ে নিশাই আটক কৰে। হত্যাকাৰী কুশল ঠাকুৰীয়াৰ বিৰুদ্ধে মাজপাৰা অঞ্চলত দীৰ্ঘদিন ধৰি হাই-কাজিয়াত লিপ্ত হৈ থকাৰো অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰিছে।

Related News