NORTHEAST NOW (Assamese)

বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত আৰক্ষী-বন বিভাগৰ তৎপৰতাত ২০১৯ৰ পৰা ঘটা নাই গঁড় হত্যাৰ ঘটনা

June 13, 2021 12:48 pm · ৰিদীপ শৰ্মা
ফটো: নৰ্থইষ্ট নাও।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলে বিশেষ সফলতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। ২০১৯ চনৰ পৰা বুঢ়াপাহাৰ আৰু বাগৰি বনাঞ্চলত এটাও গঁড় হত্যাৰ ঘটনা সংঘটিত হোৱা নাই।

ইয়াৰ বিপৰীতে জখলাবন্ধা থানাৰ আৰক্ষীয়ে ৭৫ জনকৈ চোৰাং চিকাৰীক আটক কৰাৰ লগতে বুজন পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছে।

ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত বিগত ২০১৯ বৰ্ষৰ পৰা চোৰাং চিকাৰীয়ে বৰ্তমানলৈকে এটাও গঁড় হত্যাৰ ঘটনা সংঘটিত কৰিব পৰা নাই।

কলিয়াবৰ মহকুমাৰ জখলাবন্ধা থানাৰ আৰক্ষী, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া, বন বিভাগ, প্ৰকৃতি প্ৰেমী দল-সংগঠন তথা কাজিৰঙাৰ দাঁতিকাষৰীয়া ৰাইজে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙীয়া গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰিছে।

উল্লেখযোগ্য যে জখলাবন্ধা থানাৰ তদানীন্তন আৰক্ষী বিষয়া নিপু কলিতা, বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰৰ লগতে আৰক্ষী,বন বিভাগ আৰু এছ টি এফৰ চোৰাং চিকাৰীৰ বিৰুদ্ধে মাৰাথান অভিযানৰ বাবেই ২০১৯ বৰ্ষৰ পৰা উক্ত ৰেঞ্জ দুটাত এটাও গঁড় হত্যা কৰিব নোৱাৰিলে চোৰাং চিকাৰীয়ে।

ইয়াৰ বিপৰীতে আৰক্ষীয়ে আটক কৰিছে ৭৫ জনকৈ চোৰাং চিকাৰীক। সেইদৰে, জব্দ কৰিছে থ্ৰী নট থ্ৰী ৰাইফলকে ধৰি বহু অস্ত্ৰ-শস্ত্ৰ।

জখলাবন্ধা থানাৰ আৰক্ষী বিষয়া আৰু বাগৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াক চোৰাং চিকাৰী ৰোধৰ ক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰাৰ বাবেই ইতিমধ্যে পুৰস্কৃত কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

২০১৯বৰ্ষৰ পৰা বৰ্তমানলৈকে এটাও গঁড় হত্যা নোহোৱা ৰেঞ্জ দুটাত এইবাৰ বানতো অসম গৌৰৱ এশিঙীয়া গঁড় সুৰক্ষিত হৈ থাকিব বুলি প্ৰকৃতিপ্ৰেমীয়ে আশা কৰিছে।

Related News