• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

নিশা নাহে টোপনি! এই কেইটা নিয়মে টোপনি আপোনাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 18, 2024 8:00 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপোনাৰ বাৰু নিশা টোপনি নাহে নেকি? বহু চেষ্টা কৰিও শুব নোৱাৰে নেকি আপুনি? বা শুলেও খুবেই পাতল হয় নেকি? নিশা এবাৰ সাৰ পাই গ’লে আকৌ টোপনি আহিবলৈ ঘন্টা জুৰি অপেক্ষা কৰিবলগা হয় নেকি আপুনি? যদি আপুনি এই অসুবিধাৰ সন্মুখীন হৈছেৰ তেন্তে আপুনি অনিদ্ৰাৰ স্বীকাৰ হৈছে।

অনিদ্ৰা হৈছে এক প্ৰকাৰৰ ৰোগ। যাক ইংৰাজীত ‘ইনচ’মেনিয়া’ বুলি কোৱা হয়। ইয়াৰ ফলত দিনৰ ভাগত ভাগৰুৱা অনুভৱ কৰাৰ লগতে মনটো খিংখিঙীয়া হৈ পৰে। অনিদ্ৰাৰ ফলত কোনো কাম  কাজত মনোনিৱেশ কৰাত অসুবিধাৰ সৃষ্টি হয়। লগতে দীৰ্ঘদিনীয়া অনিদ্ৰাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰাৰ লগতে না না ৰোগৰ সৃষ্টি কৰিব পাৰে।

Apply Now

বিভিন্ন কাৰণত এই ধৰণৰ অনিদ্ৰাৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। আহকচোন জানি লওঁ অনিদ্ৰা বা ইনচ’মেনিয়াৰ কাৰণসমূহ কি কি – 

১) মানসিক কাৰক

মানসিক চাপ, উদ্বেগ, হতাশা বা অন্যান্য মানসিক স্বাস্থ্যজনিত বিকাৰে অনিদ্ৰাত অৰিহণা যোগাব পাৰে। চিন্তা বা মানসিক অশান্তিয়ে টোপনি অহাত বাধা দিব পাৰে।

২) জীৱনশৈলীৰ কাৰক

কিছুমান অভ্যাস বা আচৰণেও টোপনিত ব্যাঘাত জন্মাব পাৰে। যেনে- কেফেইন বা মদ্যপানৰ অত্যধিক সেৱন, অনিয়মিত টোপনিৰ সময়সূচী, শোৱাৰ আগতে মোবাইল বা লেপটপ চাই থকা, ভয়ানক বা আৱেগিক চিনেমা, দৃশ্য চোৱা বা আৱেগিক কথা মনলৈ অনা।

৩) চিকিৎসাজনিত সমস্যা

দীৰ্ঘদিনীয়া বিষ, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, গেষ্ট্ৰাইটিছৰ সমস্যা, হৰম’নৰ ভাৰসাম্যহীনতা, থাইৰয়ডৰ বা স্নায়ুজনিত সমস্যাৰ ফলতো অনিদ্ৰাই দেখা দিব পাৰে। 

৪) ঔষধ

এন্টিডিপ্ৰেছন, উদ্দীপক, কৰ্টিক’ষ্টেৰয়ডকে ধৰি কিছুমান ঔষধে টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি অনিদ্ৰাত অৰিহণা যোগাব পাৰে।

অনিদ্ৰাৰ চিকিৎসাত সাধাৰণতে অনিদ্ৰাৰ কাৰণসমূহৰ সমাধান, আচৰণ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন সংযুক্ত হৈ থাকে।  

কিদৰে পৰিত্ৰাণ পাব অনিদ্ৰাৰ সমস্যাৰ পৰা ? 

১) শোৱাৰ ক্ষেত্ৰত সময় নিৰ্দিষ্ট সময়সূচী মানি চলক । সদায় এটা নিৰ্দিষ্ট সময়ত শুবলৈ যাওক আৰু এটা নিৰ্দিষ্ট সময় শুই উঠাৰ অভ্যাস গঢ়ি তোলক।

২) টোপনিৰ বাবে আপোনাৰ শোৱনি কোঠাত এটা ভাল পৰিৱেশ সৃষ্টি কৰক। শোৱা কোঠাত পৰ্যাপ্ত আন্ধাৰ আৰু নিস্তব্ধতা বজাই ৰাখক। বিচনালৈ যোৱাৰ আগতে উদ্দীপক কাৰ্য্যকলাপ পৰিহাৰ কৰক। নিশা কেফেইন জাতীয় পানীয় ত্যাগ কৰাৰ লগতে মদ্যপান সীমিত কৰক।

৩) কিছুমান ক্ষেত্ৰত চিকিৎসকে টোপনি অহাত সহায়ক হোৱাকৈ হ্ৰস্বম্যাদী টোপনিৰ ঔষধ (হিপ্নোটিক) প্ৰেছক্ৰিপচন দিব পাৰে। কিন্তু নিৰ্ভৰশীলতা আৰু পাৰ্শ্বক্ৰিয়াৰ আশংকাৰ বাবে এই ঔষধসমূহ সাধাৰণতে কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয়। চিকিৎসকে পৰামৰ্শ প্ৰদান কৰিলে এনে ঔষধৰ দ্বাৰা টোপনি ঘূৰাই আনিব পাৰে।

৪) যদি কোনো মানসিক অস্থিৰতাৰ বাবে অনিদ্ৰাৰ সৃষ্টি হয়, তেন্তে প্ৰাথমিক চিকিৎসা কৰিলে টোপনিৰ অসুবিধা দূৰ হ’ব পাৰে। ইয়াৰ বাবে বিষ নিয়ন্ত্ৰণ কৰা, উদ্বেগ বা হতাশাৰ সৈতে সমস্যাৰ লগত মোকাবিলা কৰা আদি কাৰ্যকলাপ সংযুক্ত হৈ থাকে।

৫) সুষম খাদ্য গ্ৰহণে আপোনাৰ টোপনিৰ মানদণ্ড উন্নত কৰিব পাৰে। ইয়াৰ উপৰিও মিঠা আলু্,  কুকুৰা, টাৰ্কি, মাছ, টফু, আলমণ্ড, কচু, চেৰী, ডাৰ্ক চকলেট আদি খাদ্যই নিজৰ পুষ্টি গুণৰ বাবে ভাল টোপনি অহাত সহায় কৰে। লগতে পৰ্যাপ্ত পৰিমাণে পানী খাওক।

৬) নিতৌ পুৱা গধূলি শৰীৰৰ পৰা ঘাঁম ওলোৱাকৈ ব্যায়াম কৰক। খেলা-ধূলা, জিম, যোগাসন, শাৰীৰিক পৰিশ্ৰমে অনিদ্ৰা দূৰ কৰি ভাল টোপনি অহাত সহায় কৰিব পাৰে।

৭) সুস্থ যৌন সম্ভোগ বা হস্তমৈথুনেও টোপনি অহাত সহায় কৰে বুলি বিশেষজ্ঞ সকলে দাবী কৰে। গতিকে, ভাল টপনিৰ বাবে নিশা শোৱাৰ আগত সুস্থ যৌন সম্ভোগ বা হস্তমৈথুনৰ সহায় ল’ব পাৰে।

যদিহে আপুনি গুৰুতৰ অনিদ্ৰাৰ সমস্যাত ভুগিছে আৰু অনিদ্ৰাই আপোনাৰ শৰীৰত না না ৰোগৰ সৃষ্টুই কৰিছে তেন্তে  টোপনি বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক । আপোনাৰ লক্ষণ আৰু সমস্যাৰ ওপৰত ভিত্তি কৰি চিকিৎসকে চিকিৎসা আৰু পৰামৰ্শ আগবঢ়াব পাৰে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

আমেৰিকাত নিৰাপত্তাৰ চূড়ান্ত বিফলতা, মেছি আৰু আৰ্জেন্টিনা দলৰ গোপনীয় তথ্য ফাদিল

June 10, 2026 8:43 pm
বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

বিশ্বকাপৰ ঠিক আগমুহূৰ্তত ফিফাৰ সভাপতি ইনফান্তিনোৰ বিৰুদ্ধে গোচৰ তৰিলে প্লাতিনিয়ে

June 10, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

মধুমেহ ৰোগ নিয়ন্ত্ৰণত মানসিক অৱসাদৰ প্ৰভাৱ: কেনেকৈ চিনাক্ত কৰিব মানসিক বিষাদ?

June 11, 2026 6:45 am
আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

আমেৰিকাত প্ৰৱেশৰ অনুমতি নোপোৱা চোমালিয়াৰ ফিফা ৰেফাৰীক স্বদেশত বীৰোচিত সম্বৰ্ধনাৰে আদৰণি

June 10, 2026 8:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd