সংসদত গৃহীত হোৱা আইন মানিবলৈ বাধ্য ৰাজ্য; CAAসন্দৰ্ভত অন্য সুৰ কপিল ছিবালৰ

18THKAPILSIBAL

কপিল ছিবাল

সংধোধিত নাগৰিকত্ব আইন(CAA)সন্দৰ্ভত সম্প্ৰতি দেশৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ চলিছে।

কংগ্ৰেছকে ধৰি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ শাসনত থকা ৰাজ্যসমূহে কা ৰূপায়ন নকৰে বুলি স্পষ্ট কৰি দিছে।

বাঁওপন্থী শাসিত কেৰালা আৰু কংগ্ৰেছ শাসিত পঞ্জাৱ বিধানসভাই ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱো গ্ৰহণ কৰিছে।

এনে সময়তে দলৰ মতৰ বাহিৰলৈ আহি মন্তব্য কৰা দেখা গ’ল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালক।

সংসদত গৃহীত হোৱা সংশোধিত নাগৰিকত্ব আইন ৰাজ্যসমূহে মানিবলৈ বাধ্য বুলি মন্তব্য কৰি ছিবালে কয় যে ইয়াৰ অন্যথা সাংবিধানিক সংকট সৃষ্টি হ’ব পাৰে।

শনিবাৰে কোঝিকোডত কেৰালা লিটাৰেশ্যাৰ ফেষ্টিভেলৰ অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি দেশৰ প্ৰাক্তন আইন মন্ত্ৰী গৰাকীয়ে উক্ত মন্তব্য কৰে।

তেওঁ কয়,’’ সংধোধিত নাগৰিকত্ব আইন গৃহীত হোৱাৰ পাছত কোনো ৰাজ্যই সেইটো কাৰ্যকৰী নকৰো বুলি ক’ব নোৱাৰিব। এয়া কেতিয়াও সম্ভৱ নহয়। কিয়নো এইটো অসাংবিধানিক। আপোনালোকে ইয়াৰ বিৰোধিতা কৰিব পাৰে, বিধানসভাত ইয়াৰ বিৰুদ্ধে সিদ্ধান্ত ল’ব পাৰে। সেয়াই নহয়, কেন্দ্ৰীয় চৰকাৰক আইনখন প্ৰত্যাহাৰৰ বাবে হেচাও দিব পাৰে।‘’

তেওঁ লগতে কয়,’’ইয়াৰ পাছতো যদি কোনো পৰিৱৰ্তন নহয়, তেনেহ’লে ৰাজ্যসমূহে সংবিধান অনুসৰি এই আইন মানিবলৈ বাধ্য থাকিব। কোনোৱে এইখন ৰূপায়ন নকৰো বুলি ক’ব নোৱাৰিব। তেতিয়া সমস্যা আকৌ বাঢ়িব, নতুন নতুন অসুবিধাৰ সৃষ্টি হ’ব।‘’

অৱশ্যে ব্যক্তিগতভাৱে তেওঁ কা’ৰ বিৰোধী বুলিও জানিবলৈ দিয়ে। দেশজুৰি চলা প্ৰতিবাদ সন্দৰ্ভত তেওঁ কয় যে বিভিন্ন প্ৰান্তত শিক্ষাৰ্থী, দুখীয়া তথা মধ্যবিত্ত শ্ৰেণীৰ লোক এই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ওলাই আহিছে যদিও তেওঁলোকে কোনো ৰাজনৈতিক দলৰ হৈ অহা নাই।

তেওঁ কয় যে প্ৰকৃততে আজিৰ ভাৰতীয়সকলে আগন্তুক ভাৰতৰ কথা ভাবি আতংকিত হৈছে। সেয়েহে আগন্তুক ভাৰতক ৰক্ষা কৰাৰ স্বাৰ্থত তেওঁলোকে নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে।