আজি বিশ্ব ধঁপাত নিষিদ্ধ দিৱস : আহক আজিয়েই ধঁপাত ত্যাগ কৰাৰ সংকল্প লওঁ

প্ৰতি বছৰে ৩১ মে’ত সমগ্ৰ বিশ্বই “ধঁপাত নিষিদ্ধ দিৱস” পালন কৰে। এই দিৱস্প্ৰ উদ্দেশ্য হ’ল ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি আৰু ইয়াৰ সেৱন হ্ৰাস কৰাৰ বাবে ফলপ্ৰসূ নীতিৰ পোষকতা কৰা।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) আয়োজন কৰা এই উল্লেখযোগ্য দিনটোৰ লক্ষ্য হৈছে ধঁপাতৰ বিধ্বংসী স্বাস্থ্যজনিত পৰিণতিৰ বিষয়ে বিশ্বিবাসীক সজাগ কৰা আৰু ধূমপায়ীসকলক ধূমপান বন্ধ কৰিবলৈ উৎসাহিত কৰা। একে সময়তে ধঁপাত নিয়ন্ত্ৰণৰ শক্তিশালী ব্যৱস্থাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা এই দিৱসৰ মূল লক্ষ্য । 

সকলোৱে জানে যে ধঁপাত সেৱনৰ ফলত বিশ্বত প্ৰত্যেকদিনাই অগণন লোকে মৃত্যুক সাৱটি লয়। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি প্ৰতি বছৰে ধঁপাতৰ ফলত ৮০ লাখতকৈ অধিক লোকৰ মৃত্যু হয়। ইয়াৰে প্ৰায় ৭০ লাখ লোকৰ মৃত্যু প্ৰত্যক্ষ ধঁপাত সেৱনৰ ফলত হয়, আনহাতে ১২ লাখতকৈ অধিক লোকৰ মৃত্যু হয় ধঁপাত সেৱনকাৰীৰ ধোঁৱাৰ সংস্পৰ্শলৈ অহাৰ ফলত। তদুপৰি কেন্সাৰ, শ্বাস-প্ৰশ্বাস আৰু হৃদযন্ত্ৰৰ ৰোগ, ষ্ট্ৰোককে ধৰি ধঁপাত সম্পৰ্কীয় ৰোগে স্বাস্থ্যসেৱা ব্যৱস্থাৰ ওপৰত যথেষ্ট বোজা জাপি দিয়ে আৰু অৰ্থনৈতিক লোকচানত অৰিহণা যোগায়।

ধঁপাত সেৱনৰ সৈতে অসংখ্য ৰোগৰ সম্পৰ্ক আছে। চিগাৰেট, চিগাৰ বা পাইপ খালে শৰীৰত নিকোটিন, আলকাতৰা, কাৰ্বন মনোক্সাইডকে ধৰি ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে, যিবোৰ নিচাৰ লগতে বিভিন্ন ৰোগৰ সৃষ্টি কৰে। 

দীৰ্ঘদিন ধৰি ধঁপাত সেৱনে হাওঁফাওঁৰ কৰ্কট ৰোগ, ক্ৰনিক অবষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD), হৃদৰোগ, ষ্ট্ৰোক, আৰু মূত্ৰাশয়, খাদ্যনলী, অগ্নাশয় আদিকে ধৰি কেইবাবিধো কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত ধূমপানে মাতৃ আৰু গৰ্ভস্থ সন্তান উভয়ৰে বাবে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে।

বিশ্ব ধঁপাত নিষিদ্ধ দিৱসে ধঁপাত নিয়ন্ত্ৰণৰ ফলপ্ৰসূ ব্যৱস্থাৰ পোষকতা কৰাৰ এক মঞ্চ হিচাপে কাম কৰে। ইয়াত ধঁপাত ব্যৱহাৰক নিৰুৎসাহিত কৰা নীতিসমূহ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যেনে ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি, ধঁপাতৰ বিজ্ঞাপন আৰু প্ৰচাৰৰ ওপৰত ব্যাপক নিষেধাজ্ঞা, পেকেজিঙৰ ওপৰত সতৰ্কবাণী আদি। 

এই ব্যৱস্থাসমূহে ব্যক্তিসকলক ধূমপান আৰম্ভ কৰাত নিৰুৎসাহিত কৰাই নহয়, ধূমপায়ী সকলক ধূমপান এৰিবলৈ প্ৰেৰণা যোগাই আৰু ধূমপান নকৰাসকলক ধঁপাতৰ ধোঁৱাৰ সংস্পৰ্শৰ পৰা ৰক্ষা কৰে।