ক’ৰ’ণা কালত হাজাৰ হাজাৰ মানুহেৰে নিৰ্বাচনী সভা পাতিব পাৰি; কিন্তু সংসদৰ অধিৱেশনহে পাতিব নোৱাৰি

parliament-of-india

দেশত ক’ৰ’ণা মহামাৰীৰ সমান্তৰালভাৱে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰি, কিন্তু দেশৰ সংসদৰ অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰি।

হাজাৰ হাজাৰ মানুহক মুকলি ঠাই অথবা খেলপথাৰত সমবেত কৰি জনপ্ৰতিনিধিসকলে নিৰ্বাচনী ভাষণৰ ফুলজাৰি মাৰিব পাৰে, কিন্তু দেশৰ সংসদত নিৰ্দিষ্ট জনপ্ৰতিনিধিসকলে কোভিড১৯ প্ৰট’কল মানি অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰে।

সাধাৰণ জনগণৰ জীৱনক সংশয়াচ্ছন্ন কৰি ৰাজনৈতিক মুনুফা লুটিব পাৰি, কিন্তু জনপ্ৰতিনিধিৰ জীৱন সংকটত পৰা আশংকাত সংসদত চৰকাৰী নীতি নিৰ্ধাৰণ কৰিব নোৱাৰি।

হয় সেয়াই হ’বলৈ গৈ আছে।

ক’ৰ’ণা মহামাৰীৰ বাবে ২০২০ চনৰ সংসদৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নহয়। কেন্দ্ৰই কোভিড১৯ৰ প্ৰাদুৰ্ভাৱৰ বাবে চলিত বৰ্ষৰ শীতকালীন অধিৱেশন বাতিল কৰিছে।

সোমবাৰে লোকসভাৰ কংগ্ৰেছৰ দলনেতা অধীৰৰঞ্জন চৌধুৰীৰ এখন পত্ৰৰ উত্তৰ কেন্দ্ৰীয় সংসদীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা জনাইছে।

উল্লেখ্য যে যোৱা ২৬ নৱেম্বৰৰ পৰা দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক বিদ্ৰোহ আৰু দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ আলোচনাৰ বাবে সংক্ষিপ্ত অধিৱেশনৰ দাবী জনায় পত্ৰ প্ৰেৰণ কৰিছিল সংসদৰ কংগ্ৰেছৰ দল নেতা চৌধুৰীয়ে।

কিন্তু চৌধুৰীৰ এই পত্ৰৰ উত্তৰত কেন্দ্ৰীয় সংসদীয় মন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষৰ শীতকালীন অধিৱেশন বিৰোধীৰ সৈতে আলোচনা কৰি বাতিল কৰা হৈছে বুলি জনায়।

“দিল্লীত ক’ৰ’ণা সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। আৰু এই শীতত মহামাৰী ক’ৰ’ণাৰ সৈতে মোকাবিলা কৰাতো খুবেই গুৰুত্বপূৰ্ণ।” এইদৰে চলিত  বৰ্ষৰ সংসদৰ শীতকালীন অধিৱেশন বাতিলৰ যুক্তি দিয়ে মন্ত্ৰী যোশীয়ে।