সাহিত্যৰ নোবেল বঁটা লাভ কৰা আমেৰিকান কবি লুইচ গ্লুকৰ দেহাৱসান ঘটিছে। মৃত্যুৰ সময়ত গ্লুকৰ বয়স আছিল ৮০ বছৰ। শুকুৰবাৰে লুইচ গ্লুকৰ মৃত্যুৰ কথা নিশ্চিত কৰে তেওঁৰ সম্পাদক জনাথন গালাছিয়ে।
দুখ, স্মৃতি আৰু দাৰ্শনিক অন্তৰ্দৃষ্টিৰ সৈতে ধ্ৰুপদী পৌৰাণিক কাহিনীৰ মিশ্ৰণত গ্লুকে তেওঁৰ শব্দবোৰ সজাই তুলিছিল। সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২০ চনত তেওঁ নোবেল বঁটা লাভ কৰিছিল।
বিচাৰকসকলে গ্লুকৰ ভ্ৰান্তিহীন কাব্যিক কণ্ঠক এক কঠোৰ সৌন্দৰ্য্য বুলি প্ৰশংসা কৰে, যিয়ে ব্যক্তি অস্তিত্বক সাৰ্বজনীন কৰি তোলে। তেওঁৰ কবিতাবোৰ চুটি য’ত ইচ্ছাকৃত মৌনতাৰ জৰিয়তে বহুত অব্যক্ত ভাৱ স্পষ্ট কৰি তোলে।
লগতে পঢ়কঃ ইজৰাইল-হামাছৰ যুদ্ধ: লেবাননত নিহত ৰয়টাৰ্ছৰ সাংবাদিক; আহত আন ৬ জন সাংবাদিক
নিউয়ৰ্কৰ বাসিন্দা গ্লুকে কবিতাৰ উপৰিও সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি আহিছে। তাৰ ভিতৰত আছে প্ৰৱন্ধ , চুটি গদ্য আৰু কল্পকাহিনী। তেওঁৰ লেখাত পৌৰাণিক কাহিনী, উইলিয়াম শ্বেক্সপীয়েৰ আৰু টি এছ এলিয়টৰ প্ৰভাৱ অধিক।
১৯৯৩ চনত লুইচ গ্লুকে তেওঁৰ কবিতা গ্ৰন্থ ‘ৱাইল্ড আইৰিছ’ৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে। আন আন গ্ৰন্থসমূহৰ ভিতৰত আছে ‘দ্য চেভেন এজ’, ‘দ্য ট্ৰাইমফ অৱ একিলিছ’, ‘ভিটা নোভা’ আৰু ১৯৬২-২০১২ চনত লিখা কবিতাৰ সংকলন।
পুলিৎজাৰৰ উপৰিও ২০০১ চনত জীৱনজোৰা সাফল্যৰ বাবে বলিংজেন বঁটা, ২০১৪ চনত ‘ফেথফুল এণ্ড ভাৰ্চুৱেছ নাইট’ৰ বাবে নেশ্যনেল বুক এৱাৰ্ড লাভ কৰে। কেইবাদশক ধৰি শক্তিশালী গীতি কবিতাৰ বাবে ২০১৫ চনত লাভ কৰে নেশ্যনেল হিউমিনিটিজ মেডেল। ২০০৩-০৪ চনলৈ তেওঁ আমেৰিকাৰ পয়েট লৰেট হিচাপে নিযুক্ত হয়। ইয়াৰ উপৰিও তেওঁ ষ্টেনফৰ্ড আৰু ইয়েলৰ দৰে উচ্চ শিক্ষানুষ্ঠানতো কাম কৰিছিল।
লগতে পঢ়কঃ ৰতন টাটাই অনুসৰণ কৰে এই ৮ টা সফলতাৰ মন্ত্ৰ! যিয়ে সলনি কৰিব পাৰে আপোনাৰ জীৱনো
১৯৪৩ চনৰ ২২ এপ্ৰিলত নিউয়ৰ্ক চহৰত ইহুদী বংশদ্ভূত লুইচ গ্লুকৰ জন্ম হৈছিল। তেওঁ লং আইলেণ্ডত ডাঙৰ-দীঘল হৈছিল।