দেশত এতিয়াও সংঘটিত হৈ আছে ডিজিটেল গ্ৰেপ্তাৰৰ ঘটনা। পুনৰ এনে প্ৰৱঞ্চকৰ জালত এটা পৰিয়াল। শেহতীয়াকৈ নয়ডাত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত প্ৰৱঞ্চকে সমগ্ৰ পৰিয়ালটোক ৩৮ দিনলৈ ‘ডিজিটেল এৰেষ্ট কৰি প্ৰায় ৩ কোটি ২১ লাখ টকা হৰলুকি কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, ১৬ জুলাইত এজন বৃদ্ধজনৰ ফোনত এক অজ্ঞাত নম্বৰৰ পৰা কল আহে। ফোনটোৰ সিটো মূৰত থকা ব্যক্তি নিজকে TRAIৰ এজন বিষয়া বুলি পৰিচয় দি অভিযোগ তোলে যে বৃদ্ধজনৰ ফোন নম্বৰৰ জৰিয়তে অবৈধ বিজ্ঞাপন, অশ্লীল ভিডিঅ’ আৰু বিভ্ৰান্তিকৰ বাৰ্তা প্ৰেৰণ কৰা হৈছে।
কিছু সময়ৰ পাছতেই প্ৰৱঞ্চকে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ এজন বিষয়াৰ অভিনয় কৰি পুনৰ যোগাযোগ কৰে আৰু বৃদ্ধজনৰ পৰিয়ালৰ বিৰুদ্ধে ২৪টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে বুলি হুংকাৰ দিয়ে। তাৰ পিছতেই পৰিয়ালটোক ডিজিটেলভাৱে আবদ্ধ কৰি ৩৮ দিন ধৰি নজৰত ৰাখি একেৰাহে ৩ কোটি ২১ লাখ টকা আদায় কৰা হয়।
অৱশেষত ২২ আগষ্টত প্ৰতাৰিত বৃদ্ধজনৰ কন্যাই থানাত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
উল্লেখযোগ্য যে, যোৱা বছৰৰ শেষৰ পৰাই দেশজুৰি ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ নামত প্ৰৱঞ্চনা তীব্ৰভাৱে বৃদ্ধি পাইছে। চিবিআই, ইডি আদি কেন্দ্ৰীয় সংস্থাৰ নামত ফোন কৰি কোটি কোটি টকা হৰলুকি কৰা ঘটনা অহৰহ প্ৰকাশ পাইছে।
চাইবাৰ জালিয়াতিৰ পৰা সাধাৰণ জনতাক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সচেতনতামূলক অভিযান চলাই থকা সত্ত্বেও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াৰ চিকাৰ হোৱা নতুন নতুন ঘটনা সংঘটিত হৈ আহিছে।