বঞ্চিত যোগ্য অসমীয়া বিজ্ঞানী : লবীৰ বলত নেইষ্টৰ সঞ্চালক পদত পুনৰ অনা অসমীয়া ব্যক্তি

NEIST-750x375

যোৰহাটত থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা-প্ৰতিষ্ঠান (নেইষ্ট)তপুনৰ অনা-অসমীয়া লবীয়ে প্ৰভুত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হ’ল। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত এইবাৰো নিযুক্তি পালে এগৰাকী তেলেগু ব্যক্তিয়ে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোত আধিপত্য বিস্তাৰ কৰি অহা তেলেগু লবীৰ হেঁচাত অৱশেষত সঞ্চালক হিচাপে নিযুক্তি লাভ কৰিছে ড০ জি নৰহৰি শাস্ত্ৰী নামৰ বিজ্ঞানীজনে। বৰ্তমান হাইদৰাবাদত থকা বিজ্ঞানীজনে দুদিনমানৰ ভিতৰতে যোৰহাটৰ নেইষ্টৰ সঞ্চালক হিচাপে যোগদান কৰিব।

উল্লেখযোগ্য যে, যোৰহাটৰ নেইষ্টত অসমীয়া যোগ্য বিজ্ঞানী থকাৰ পাছতো পূৰ্বৰে পৰাই তেওঁলোকে গুৰুত্ব নাপায়। তদুপৰি, নেইষ্ট অনা অসমীয়া বিশেষকৈ তেলেগু চক্ৰৰ দ্বাৰা পৰিচালিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত বৰ্তমানলৈকে অধিষ্ঠিত হোৱা লোকসকলৰ নামসমূহেই এই কথাৰ প্ৰমাণ দাঙি ধৰে।

আনহাতে, প্ৰতিষ্ঠানটোত অনা অসমীয়া চক্ৰটো ইমানেই শক্তিশালী যে তেওঁলোকে প্ৰতিষ্ঠানটোত কৰ্মৰত অসমীয়া লোকসকলক প্ৰাপ্ৰ্য অধিকাৰৰ পৰা বঞ্চিত কৰিও ৰাখিছে। আনকি অসমীয়া বিজ্ঞানীৰ পদোন্নতিও উক্ত লবীটোৱে বন্ধ কৰি ৰখাৰ অভিযোগ আছে।

প্ৰতিষ্ঠানটোত এবাৰ মাত্ৰ  এগৰাকী অসমীয়া লোকক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ বাহিৰে সদায়ে যোৰহাট নেইষ্টত বাহিৰৰ লোকেই সঞ্চালকৰ পদত নিযুক্তি লাভ কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।

এতিয়া প্ৰতিষ্ঠানটোত খালী থকা পদসমূহ পুনৰ অনা-অসমীয়া লোকৰ হাতলৈ যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। তদুপৰি, প্ৰতিষ্ঠানটোৰ ঠিকা-ঠুকলিকে আদি কৰি সকলো অনা-অসমীয়া লোকৰ কব্জালৈ যোৱাটো নিশ্চিত। এইক্ষেত্ৰত জাতীয় সংগঠনসমূহৰ ভূমিকা অৱশ্যে স্পষ্ট নহয়।