Amisha Patel: লাখ লাখ টকা প্ৰৱঞ্চনাৰ অভিযোগ; আমিশাৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত গোচৰ

Non-bailable warrant against Amisha Patel আমিশা পেটেলৰ বিৰুদ্ধে কেইবা লাখ টকাৰ বিত্তীয় জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে। মোৰাদাবাদৰ এখন আদালতে গোচৰটোত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি আমিশাই অহা ২০ আগষ্টত হাজিৰ হ’ব লাগিব।

আমিশাৰ বিৰুদ্ধে এই গোচৰটো অৱশ্যে যথেষ্ট পুৰণি। বাতৰি অনুসৰি এটা ইভেন্ট প্ৰতিষ্ঠানে আমিশা পেটেল আৰু তেওঁৰ সহায়কৰ বিৰুদ্ধে গোচৰটো দাখিল কৰিছিল। ইভেন্ট কোম্পানীটোৰ সৈতে হোৱা চুক্তি অনুসৰি আমিশাই ২০১৭ চনৰ নৱেম্বৰত উত্তৰ প্ৰদেশৰ মোৰাদাবাদত এখন বিয়াত নৃত্য প্ৰদৰ্শন কৰাৰ কথা আছিল। অভিনেত্ৰীগৰাকীক ইয়াৰ বাবে প্ৰায় ১১ লাখ টকা পৰিশোধ কৰা হৈছিল।

ইভেন্ট কোম্পানীটোৱে অভিযোগ কৰিছিল যে দিল্লী পোৱাৰ পিছত আমিশাই অনুষ্ঠানটোত উপস্থিত হ’বলৈ অতিৰিক্ত ২ লাখ টকা দাবী কৰিছিল। যেতিয়া তেওঁলোকে টকা দিবলৈ অস্বীকাৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে কাকো নজনোৱাকৈ উভতি গৈছিল। অভিযোগ অনুসৰি বিয়াত প্ৰদৰ্শন নকৰাৰ পাছতো আমিশাই ১১ লাখ টকা ঘূৰাই দিয়া নাছিল।

আমিশা পেটেলৰ উপৰিও ইভেন্ট কোম্পানীটোৱে সুৰেশ কুমাৰ, ৰাজকুমাৰ গোস্বামী আৰু আহমেদ শ্বৰীফৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিছিল।

অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৪০৬, ৫০৪, ৪২০ আৰু ৫০৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আমিশাই পূৰ্বে ১৯ জুলাইত মোৰাদাবাদ আদালতত হাজিৰ হোৱাৰ কথা আছিল যদিও উপস্থিত নাছিল। আগষ্টৰ ২০ তাৰিখে তেওঁক পুনৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

লগতে পঢ়ক: সংকটজৰ্জৰ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত ৰনিল বিক্ৰমসিংহে

অৱশ্যে, এইবাৰেই প্ৰথম নহয়, আমিশা আগতে কেইবাবাৰো আইনী জটিলতাৰ মাজত সোমাইছিল। ভূপালৰ এখন আদালতে পূৰ্বে চেক বাউন্স সম্পৰ্কীয় এটা গোচৰত তেওঁৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল। আমিশাৰ উপৰিও, তেওঁৰ ভাতৃও গোচৰটোৰ অভিযুক্ত আছিল।

উল্লেখ্য যে আমিশাক ‘গদাৰ এক প্ৰেম কথা’ৰ চিকুৱেলত দেখা যাব।