NORTHEAST NOW (Assamese)

বিটিআৰত বাস কৰা অবড়ো লোকক মাটিৰ পট্টা প্ৰদানৰ দাবীত অৱস্থান ধৰ্মঘট

May 27, 2022 5:07 pm · চাজিদ খান, ওদালগুৰি
Updated: May 27, 2022 5:08 pm

ওদালগুৰি জিলাৰ টংলাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট।

বিচিচি চুক্তি অনুযায়ী ভূমি পট্টাহীন থলুৱা পৰিয়ালক শীঘ্ৰেই মাটিৰ পট্টা দিয়াৰ দাবীত আজি হাতে হাতে প্লে কাৰ্ড লৈ টংলা চহৰত বহু লোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখযোগ্য যে বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ ১৮ বছৰ পিছতো বিটিআৰ অঞ্চলত বসবাস কৰা কোনো অবড়ো লোকে এতিয়ালৈ মাটিৰ পট্টা লাভ কৰিব সক্ষম হোৱা নাই।

অথচ বিটিচি নিৰ্বাচনৰ সময়ত বহু নেতাই বিটিচি অঞ্চলত বাস কৰা লোকসকলক ভূমি পট্টা প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।

বিটিচিত নতুন চৰকাৰ হ’বলৈ বহু দিনেই হ’ল যদিও আজিলৈকে ভূমি পট্টাহীন থলুৱা পৰিয়ালক মাটিৰ পট্টা দিয়াৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

সেইবাবেই আজি টংলা চহৰত বহু লোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

Related News