ৰাজ্যজুৰি মণ্ডল কাননগোৰ অসহযোগত অচল চক্ৰ বিষয়া কাৰ্যালয়ৰ কাম কাজ

barpeta pulendra Photo

বৰপেটাত মণ্ডল কাননগোই সকলৰ অসহযোগ কাৰ্যসূচী। ফটো : নৰ্থইষ্ট নাও

সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ দীৰ্ঘদিনীয়া দাবীৰ সমৰ্থনত ৰাজ্যজুৰি পুনৰ আন্দোলনত নামিল মণ্ডল কাননগোসকলে ৷ ৰাজহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবৰে সৈতে মণ্ডল কাননগো সন্মিলনীৰ হোৱা আলোচনাৰ সিদ্ধান্ত বিগত চাৰিমাহে কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত চাৰিদিনীয়া অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰে পুনৰ আন্দোলনৰ পথ গ্ৰহণ কৰে সদৌ অসম মণ্ডল কাননগো সন্মিলনীয়ে ৷

সন্মিলনীৰ উদ্যেগত বুধবাৰৰ পৰা ৰাজ্যজুৰি ৰূপায়ন কৰা এই আন্দোলনৰ কাৰ্যসূচীৰ অংশ হিচাপে বৰপেটাতো অসহযোগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে মণ্ডল কাননগোসকলে ৷

বৰপেটা চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগনত ৰূপায়ন কৰা এই  অসহযোগ আন্দোলন কাৰ্যসূচীত বৰপেটাৰ বিভিন্ন প্ৰান্তৰ মণ্ডল কাননগোসকলে অংশ গ্ৰহণ কৰে ৷ মণ্ডল কাননগোসকলে গ্ৰহণ কৰা অসহযোগ আন্দোলনৰ ফলত ৰাজহ চক্ৰ বিষয়াৰ কাম কাজ এক প্ৰকাৰ অচল হৈ পৰে ৷

উল্লেখ্য যে, সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ ন্যায্য দাবীৰ সমৰ্থনত মণ্ডল কাননগোসকলে ২৪ ছেপ্টেম্বৰৰ পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল ৷

উক্ত আন্দোলনৰ পিচতো সন্মিলনীৰ ন্যায্য দাবীৰ প্ৰতি চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত দ্বিতীয় পৰ্যায়ত পুনৰ ৩ অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈ চাৰিদিনীয়াকৈ অসহযোগ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম মণ্ডল কাননগো সন্মিলনীয়ে ৷