হিন্দু নোহোৱাৰ দোষ! মন্দিৰত নৃত্য প্ৰদৰ্শন কৰিবলৈ দিয়া নহ’ল ভাৰতনাট্যম শিল্পীক

Kerala temple bars artist over religion

শিল্প-সংস্কৃতি তথা কলাও এতিয়া হৈ পৰিছে নিৰ্দিষ্ট এক ধৰ্মৰ একচেতীয়া সম্পত্তি। তেনে এক উদাহৰণেই পৰিলক্ষিত হৈছে কেৰালাত।

কেৰালাৰ ত্ৰিচুৰৰ মন্দিৰ প্ৰশাসনে হিন্দু ধৰ্মাৱলম্বী নোহোৱাৰ বাবেই ভাৰতনাট্যম শিল্পী মানচিয়া ভিপিৰ এটা কাৰ্যসূচী বাতিল কৰাৰ অভিযোগ উত্থাপিত হৈছে।

চৰকাৰৰ দেৱস্বম বোৰ্ডৰ অধীনত থকা কুদালমানিক্যম মন্দিৰে মন্দিৰ চৌহদৰ ভিতৰত এজন অ-হিন্দুয়ে নৃত্য প্ৰদৰ্শন কৰিব নোৱাৰে বুলি মন্তব্য কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে।

ভাৰতনাট্যমৰ পিএইচডি গৱেষক মানসিয়া এজন মুছলমান হিচাপে ডাঙৰ দীঘল হৈছিল। শাস্ত্ৰীয় নৃত্যৰ এগৰাকী প্ৰদৰ্শন শিল্পী হোৱাৰ বাবে তেওঁ ইছলামিক গোটৰ সমালোচনাৰ সন্মুখীন হৈছিল।

নৃত্য শিল্পী মানচিয়াই কয়, “ধৰ্মৰ ওপৰত আধাৰিত কৰি বৰ্জন কৰাৰ এয়া মোৰ প্ৰথম অভিজ্ঞতা নহয়। কিছু বছৰ আগতে গুৰুভায়ুৰ মন্দিৰত একেধৰণৰ ঘটনা ঘটিছিল।”

“কলা আৰু শিল্পীসকলক ধৰ্ম আৰু জাতিৰ নিয়মৰ দ্বাৰা দমন কৰা প্ৰক্ৰিয়া অব্যাহত আছে। কোনো এবিধ কলা এটা ধৰ্মৰ একচেটিয়া হৈ পৰিছে, আনহাতে আন এটা ধৰ্মই ইয়াক নিষিদ্ধ কৰিছে। মই ছচিয়েল মিডিয়াত এটা স্মাৰক হিচাপে পোষ্ট কৰিছো যে আমাৰ ‘ধৰ্মনিৰপেক্ষ’ কেৰালাত একো সলনি হোৱা নাই।”- তেওঁ লগতে কয়।

আনহাতে কুদালমানিক্যম দেৱস্বম বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ মেননে কয় যে মন্দিৰৰ পৰম্পৰা অনুসৰি কেৱল হিন্দুসকলেহে মন্দিৰৰ চৌহদৰ ভিতৰত অনুষ্ঠান প্ৰদৰ্শন কৰিব পাৰে।

“১০ দিনীয়া উৎসৱটো মন্দিৰৰ চৌহদত অনুষ্ঠিত হ’ব আৰু প্ৰায় ৮০০ জন শিল্পীয়ে বিভিন্ন অনুষ্ঠানত প্ৰদৰ্শন কৰিব। আমি শিল্পীসকলক সুধিব লাগিব যে তেওঁলোক হিন্দু সম্প্ৰদায়ৰ নে নহয়। মানচিয়াই লিখিতভাৱে দিছিল যে তেওঁৰ কোনো ধৰ্ম নাই। এই বাবে তেওঁৰ অনুষ্ঠান বাতিল কৰা হৈছে।”- মেননে কয়।

কেৰালাত ইয়াৰ পূৰ্বেও উত্তৰ মালাবৰৰ মন্দিৰ প্ৰশাসনে এজন পূৰক্কলি শিল্পীক তেওঁৰ পুত্ৰই এগৰাকী মুছলমান মহিলাক বিয়া কৰোৱাৰ বাবেই মন্দিৰত অনুষ্ঠান প্ৰদৰ্শন কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।