NORTHEAST NOW (Assamese)

সকলো বিদ্যালয়ক প্ৰাদেশিককৰণেৰে ‘ভেন্সাৰ বিদ্যালয়’ শব্দটোক চিৰ বিদায় দিয়াৰ আহ্বান শিক্ষা মন্ত্ৰীলৈ

September 18, 2018 8:59 pm · কাজি জেইদুল ইছলাম
Updated: September 18, 2018 9:17 pm

বিশ্বনাথ চাৰিআলিৰ সাহিত্য সভা ভৱনৰ সভাকক্ষত আজি চতিয়া আৰু বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত ক্ৰমে নাগশংকৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অপ্ৰাদেশীকৃত পৰ্যায়ৰ বিষয় শিক্ষক শিক্ষয়িত্ৰীসকলে এখন সংবাদ মেলৰ আয়োজন কৰিছে।

শেহতীয়াকৈ অসমৰ শিক্ষা মন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই “ৰাজ্যৰ পৰা অপ্ৰাদেশীকৃত বিদ্যালয়ক চিৰ বিদায় দিয়া হব” বুলি কৰা ঘোষণাক গভীৰ আন্তৰিকতাৰে আদৰণি জনাইছে  এই সকল বেতন-বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীয়ে।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থানীয় অধিকাংশ দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক লৈয়েই বিগত ২০১০ চনৰ পৰা প্ৰতিটো শিক্ষা বৰ্ষ  আৰম্ভ কৰা এনে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি ছাত্ৰ ছাত্ৰীক  ষ্টাৰ নম্বৰ আৰু লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাকৈ গঢ় দি অহাৰ লগতে সন্তোষজনক ফলাফল দেখুৱাই আহিছে।

এই সংবাদমেলৰ জৰিয়তে তেওঁলোকে বৰ্তমানৰ শিক্ষা মন্ত্রীক  বিষয়টোৰ এটা স্পষ্ট প্ৰতিছবি দাঙি ধৰিবলৈ আহ্বান জনাইছে।   সমগ্ৰ অসমতে থকা প্ৰায় অৰ্ধ শতাধিক এনে বিদ্যালয়ত কৰ্মৰত বহু শিক্ষক শিক্ষয়িত্ৰীৰ বয়স উকলি যোৱা বিষয়টোলৈও লক্ষ্য  ৰাখি প্ৰয়োজন সাপেক্ষে  নতুন শিক্ষা আইনৰ সংশোধনৰ জৰিয়তে এনে পৰ্যায়ৰ অপ্ৰাদেশীকৃত উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহকো প্ৰাদেশিকীকৰণৰ আওঁতালৈ আনিবলৈ তেওঁলোকে শিক্ষা মন্ত্ৰীক অনুৰোধ জনাইছে।

সভাত  দুয়ো খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শিক্ষয়িত্ৰী সকল, বিশ্বনাথ চাৰিআলিৰ সাংবাদিকসকল , আন্ত:ৰাষ্ট্ৰীয় ‘শিক্ষক-শ্ৰী’ বটাঁ প্ৰাপক কৃতী শিক্ষক হৰি প্ৰসাদ উপাধ্যায় প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

Related News