NORTHEAST NOW (Assamese)

আজিৰ পৰা নেহৰুবালিত উত্তৰ-পূব শিশু গ্ৰন্থমেলা; হোমেন বৰগোহাঞিলৈ মাধৱ কন্দলি বঁটা গ্ৰন্থমেলা সমিতিৰ

October 31, 2018 8:02 am · এন ই নাও নিউজ

উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিয়ে প্ৰতি বছৰে আগ বঢ়াই অহা মাধৱ কন্দলি বঁটা এইবাৰ আগ বঢ়োৱা হৈছে প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিলৈ। এই কথা সমিতিৰ তৰফৰ পৰা জনোৱা হৈছে।

উল্লেখযোগ্য যে উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ অনবদ্য বৰঙনি আগ বঢ়োৱা এজন প্ৰসিদ্ধ সাহিত্যিকক প্ৰতি বছৰে ‘মাধৱ কন্দলি বঁটা আগ বঢ়াই আহিছে।

সাহিত্যিকজনক চলিত উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ সামৰণিৰ দিনা এই বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে আজিৰ পৰা নগাৱঁৰ নেহৰুবালিত উত্তৰ-পূব শিশু গ্ৰন্থমেলা আৰম্ভ হৈছে। ৮ দিন ধৰি চলিব লগীয়া এই গ্ৰন্থমেলা অহা ৭ নৱেম্বৰত অন্ত পৰিব।

আনহাতে, উক্ত সামৰণি সভাতেই গ্ৰন্থমেলা সমিতিয়ে প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা বাবে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱেন বৰাক চলিত বৰ্ষৰ ‘বনবন্ধু বঁটা’ প্ৰদান কৰিব।

Related News