থাইলেণ্ডত আৰম্ভ হ’ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল: উত্তৰ-পূবৰ বৰ্ণাঢ্য সংস্কৃতিৰে উদুলি-মুদুলি বেংকক চহৰ

North East Festival

থাইলেণ্ডৰ বেংকক চহৰত আজিৰ পৰা আৰম্ভ হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল। পৰ্যটন-বাণিজ্য-উদ্যোগ-সংস্কৃতি বিনিময়ৰ থলীলৈ পৰিণত হোৱা নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ আজিৰ অনুষ্ঠানৰ আৰম্ভণি হয় পৰ্যটনৰ সম্ভাৱনা সম্বন্ধীয় এখন বিশেষ অধিৱেশন আৰু ক্ৰেতা-বিক্ৰেতা সন্মিলনৰ জৰিয়তে।

অনুষ্ঠানত ট্যুৰ অপাৰেটৰ তথা পৰ্যটনৰ শীৰ্ষ বিষয়াসকলে অসম, মেঘালয়, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, অৰুণাচল ইত্যাদিৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা ব্যক্ত কৰি নিজা মতামত উপস্থাপন কৰে।

তাৰ লগতে উত্তৰ-পূবৰ ট্যুৰ অপাৰেটৰসকলৰ লগত থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলৰ এখন ক্ৰেতা-বিক্ৰেতা সন্মিলন অনুষ্ঠিত হয়। আজিৰ পৰ্যটন সম্বন্ধীয় ক্ৰেতা-বিক্ৰেতা সন্মিলনখনত প্ৰায় ১৫০ জন ট্যুৰ অপাৰেটৰে অংশ লয়।

অসম তথা উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যৰ পৰ্যটন বিভাগে নিজা উপস্থাপন আগবঢ়ায়। থাইলেণ্ড চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলেও নিজা পৰ্যটনৰ সম্ভাৱনাক উপস্থাপন কৰে। অসম তথা উত্তৰ পূবৰ বন্য জীৱনৰ পৰ্যটনক উপস্থাপনৰ প্ৰয়াস কৰা হ’ল।

এই প্ৰচেষ্টাই অভূতপূৰ্ব সঁহাৰি লাভ কৰে। অসমলৈ আহিবলৈ তথা নিজা মানুহ পথিয়াবলৈ থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলে প্ৰচুৰ আগ্ৰহ প্ৰকাশ কৰে বুলি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক সকলে জানিবলৈ দিছে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে থাইলেণ্ডৰ ট্যুৰ অপাৰেটৰসকলে উত্তৰ-পূবৰ সৈতে পৰ্যটনৰ ক্ষেত্ৰত কিছু পদক্ষেপ ল’ব বুলি মন্তব্য আগবঢ়ায়। নাগালেণ্ড চৰকাৰে এটা ট্যুৰ অপাৰেটৰৰ দল থাইলেণ্ডৰ পৰা নিয়াৰ কথা ঘোষণা কৰে।

অসম পৰ্যটনৰ সম্ভাৱনা তথা ভৱিষ্যত সম্বন্ধীয় বিভিন্ন দিশ অনুষ্ঠানটোত আলোচনা কৰা হয়। এই আলোচনাই অসম তথা উত্তৰ পূবৰ পৰ্যটনলৈ সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা কৰিছে আয়োজক সকলে।

অসমৰ পৰ্যটনৰ সম্ভাৱনাক অনাগত দিনত অধিক শক্তিশালী ভাৱে উপস্থাপন কৰি ৰাজ্যখনলৈ পৰ্যটকৰ আগমণ সুচল হোৱাত এই আলোচনাই ইতিবাচক ভূমিকা ল’ব বুলি আয়োজক মণ্ডলী আশাবাদী।

কাইলৈ পুৱা ১০ বজাত বিশেষ আয়োজনেৰে ফেষ্টিভেলৰ প্ৰধান অনুষ্ঠানৰ আৰম্ভণি হ’ব। এই অনুষ্ঠানত উপস্থিত থাকিব থাইলেণ্ডৰ উপ প্ৰধানমন্ত্ৰী চুপাত্তানাপঙ্গ পানমিছাও।

অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যেৰে ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফু ৰিঅ’, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চৌউনা মীন, মিজোৰামৰ পৰ্যটন বিভাগৰ মন্ত্ৰী পি ইউ ৰবাৰ্ট, অসমৰ হস্তশিল্প আৰু বস্ত্ৰ উন্নয়ন মন্ত্ৰী উৰ্খাউ গৌড়া ব্ৰহ্ম, ৰাজহ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহন, বিধায়ক তৰংগ গগৈ, প্ৰশান্ত ফুকনকে ধৰি অৰুণাচলৰ বহু কেইজন মন্ত্ৰী-বিষয়া বেংককত উপস্থিত হৈছে।

ফেষ্টিভেলত আয়োজন কৰা বৃহৎ প্ৰদৰ্শনীখনত ৰাজ্যসমূহৰ উৎপাদনৰ সম্ভাৱনাক ক্ষুদ্ৰ উদ্যোগীসকলৰ প্ৰায় ৩০ খন বিপনীৰ জৰিয়তে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। টাই খামতিৰ এক বৃহৎ দলে নিজা সাংস্কৃতিক ঐতিহ্য- বৈভৱৰ প্ৰদৰ্শন কৰিব।

তাৰ লগতে টাই আহোমৰ লাই লুখাম নৃত্য তথা টাই বিহু প্ৰদৰ্শন কৰা হ’ব। টাই বিহুগীত প্ৰদৰ্শন কৰিব জুতিমালা বৰগোঁহায়ে। আবেলিলৈ আয়োজন কৰা ক্ৰেতা-বিক্ৰেতা সন্মিলনখনত থাইলেণ্ডৰ প্ৰায় ১০০ জন বিশিষ্ট ক্ৰেতাই অংশ ল’ব।

থাই ক্ৰেতাই উত্তৰ পূবৰ ক্ৰেতাৰ সৈতে থলুৱা সামগ্ৰীৰ সম্ভাৱনা সন্দৰ্ভত আলাপ কৰিব। ইয়াৰ লগতে থাইলেণ্ড আৰু উত্তৰ-পূবৰ যৌথ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। বৃহৎ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গকে ধৰি উত্তৰ- পূবৰ বিভিন্নজন সাংস্কৃতিক কৰ্মী তথা দলে অংশ ল’ব।

পিপুল টু পিপুল এক্সেঞ্জ অনুষ্ঠানত ভাৰত আৰু দক্ষিণ-পূব এছিয়াৰ টাই ভাষাৰ বিশিষ্ট পণ্ডিতসকলে মত বিনিময় কৰিব। ফেশ্বন শ্ব’, আৰ্ট ইত্যাদিৰ সমাহাৰেৰে পূৰ্ণ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ দ্বিতীয় সংস্কৰণে এক বৃহৎ আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে।