ৰে’লৰ ডবা আৰু ৰে’ল ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ দিশত এক অগ্ৰণী পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যা ৰে’ল ষ্টেচনত পোন প্ৰথমবাৰৰ বাবে ড্ৰোন-আধাৰিত পৰীক্ষামূলকপৰিষ্কাৰ-পৰিচ্ছন্নতাঅভিযান সফলতাৰে সম্পন্ন কৰে। এই অভিযানত বিশেষভাৱে ষ্টেচন চৌহদৰ ওপৰত থকা আৰু ঢুকি নোপোৱা গাঁথনিসমূহৰ পৰিষ্কাৰকৰণৰলগতে, ৰে’লৰ ডবাসমূহৰ ছাদ আৰু বহিৰ্ভাগৰঅংশসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নতা কৰাৰ লক্ষ্য ৰখা হৈছিল, যি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বচ্ছতা বৃদ্ধিত ড্ৰোন প্ৰযুক্তিৰ সম্ভাৱনাক প্ৰদৰ্শন কৰে।
এই পৰীক্ষামূলক পৰিষ্কাৰকৰণৰ সময়চোৱাত কামাখ্যা কোচিং ডিপো চিক লাইন, আণ্ডাৰফ্লোৰ হুইল লাথে শ্বেডআৰু কামাখ্যা ষ্টেচনৰ বাহ্যিক ডোম অংশ আৰু কেইবাটাও ৰেলৰ ডবা সামৰি লোৱা হৈছিল। অভিযানসমূহে নিখুঁত আৰু সুগমতাৰে ওখ স্থানৰ গাঁথনিসমূহতসুদক্ষভাৱে প্ৰৱেশ আৰু সেইবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে ড্ৰোন প্ৰযুক্তিৰ সামৰ্থ্যক ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰে।
এই পদক্ষেপে ৰে’ল চৌহদত দক্ষতা, যথাৰ্থতা আৰু পৰিচ্ছন্নতা উন্নত কৰাৰ লক্ষ্যৰে বৰ্ধিত পৰিষ্কাৰকৰণঅভিযানৰ দিশত উদ্ভাৱনীমূলক, প্ৰযুক্তি চালিত সুবিধা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰঅবিৰত প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে। ড্ৰোন-আধাৰিত পৰিষ্কাৰকৰণে কেৱল প্ৰৱেশযোগ্যতা আৰু যথাৰ্থতাই উন্নত নকৰে কিন্তু বিপদজনক অথবাওখ স্থানৰ এলেকাৰ ক্ষেত্ৰত শাৰীৰিক শ্ৰমৰ ওপৰত নিৰ্ভৰশীলতাও হ্ৰাস কৰে।
এই প্ৰাৰম্ভিক প্ৰদৰ্শনৰ সফলতাই উত্তৰ পূব সীমান্ত ৰেলৱেৰ নেটৱৰ্কৰ অধীনত গুৰুত্বপূৰ্ণ ষ্টেচন আৰু ৰেলসমূহত ড্ৰোন-আধাৰিত পৰিষ্কাৰ পৰিচ্ছন্নতা ব্যৱস্থাই ব্যাপক প্ৰয়োগৰ দুৱাৰ মুকলি কৰিছে। এই পদক্ষেপটোৱে ভাৰতীয় ৰে’লৱেৰ আন্তৰ্জাতিক মানদণ্ড অনুসৰণ কৰা অত্যাধুনিক, স্মাৰ্ট তত্বাৱধান পদ্ধতিগ্ৰহণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে। উত্তৰ-পূব সীমান্ত ৰে’লৱেই বহনক্ষম, প্ৰযুক্তি-চালিত উদ্ভাৱনৰ সৈতে ক্ৰমান্বয়ে আগবাঢ়িছে যিযাত্ৰী তথা ৰে’লকৰ্মীৰ বাবে আৰু অধিক পৰিষ্কাৰ, সুৰক্ষিত লগতে অধিকউপযুক্ত ৰে’ল পৰিৱেশগঢ়ি তোলাত সহায়ক হৈছে।