আই এছ এলত চেন্নাই এফ চিৰ বিৰুদ্ধে ড্ৰ খেলি পইণ্ট ভগাই ল’লে নৰ্থ-ইষ্ট য়ুনাইটেডে

আই এছ এল, উৎস-ইণ্টাৰনেট

চলিত ইণ্ডিয়ান ছুপাৰ লীগত ১৮ ফেব্ৰুৱাৰিত অনুষ্ঠিত এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে চেন্নাই এফ চিৰৰ বিৰুদ্ধে ড্ৰ খেলে।

জি এম চি ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত নৰ্থ-ইষ্ট য়ুনাইটেডে চেন্নাই এফ চিৰ বিৰুদ্ধে ৩-৩ গ’লত ড্ৰ খেলি পইণ্ট ভগাই ল’বলৈ সক্ষম হয়।

খেলৰ প্ৰথমাৰ্দ্ধতে চেন্নাই এফ চিৰ লালিয়ানজুৱালা চাংটেই ৮ মিনিটত প্ৰথমটো গ’ল দি চেন্নায়েনক অগ্ৰগতি দিয়ে।

কিন্তু ১৪ মিনিটত নৰ্থ-ইষ্ট য়ুনাইটেডৰ ইমৰান খানে গ’ল দি খেলখনত সমতা স্থাপন কৰে।

খেলখনত চেন্নাই এফ চিৰ হৈ আন কেইটা গ’ল দিয়ে ক্ৰমে – ৫২ মিনিটত লালিয়ানজুৱালাই আৰু ৫০ মিনিটত মেনুৱেল লাঞ্জাৰটেই।

নৰ্থ-ইষ্ট য়ুনাইটেডৰ হৈ আন দুটা গ’ল দিয়ে ৪৩ মিনিটত ডেছৰ্ন ব্ৰাউন আৰু লুইছ মাচাডোৱে।

নৰ্থ-ইষ্ট য়ুনাইটেডে চলিত আই এছ এলত ১৮ খন খেলৰ পৰা মুঠ ২৭ পইণ্ট সংগ্ৰহ কৰিছে।