মুম্বাই চিটিৰ হাতত ন্যূনতম ব্যৱধানত পৰাজিত নৰ্থ-ইষ্ট য়ুনাইটেড; তালিকাৰ পঞ্চম স্থানলৈ

মুম্বাই চিটিয়ে ননমালে এলেন দেউৰীক

North east united

বল দখল, গ’লমুখী শ্বট আদি সকলো দিশতে আগ বাঢ়ি থাকিও আই এছ এলৰ আজিৰ এখন খেলত নৰ্থ-ইষ্ট য়ুনাইটেডে মূৰকত মুম্বাই চিটিৰ হাতত ঘৰুৱা খেলপথাৰতে ন্যূনতম ব্যৱধানত পৰাজয় সহিব লগীয়া হ’ল। মুম্বাই চিটিৰ হৈ খেলৰ আৰম্ভণিতে (৪ মিনিটত) একমাত্ৰ গ’লটো দিয়ে আৰ্নল্ড ইছ’ক’ৱে, যিজন কংগোৰ এজন আগশাৰীৰ খেলুৱৈ।

ইয়াৰ পিছত সমগ্ৰ সময়খিনি নৰ্থ-ইষ্ট য়ুনাইটেডে তীব্ৰ যুঁজ দি যায় যদিও শেষ পৰ্য্যন্ত সফলতা আনিব নোৱাৰিলে। খেলৰ ৮২ মিনিটত অধিনায়ক অগবেছেয়ে বিপক্ষৰ গ’লবাৰৰ একেবাৰে ওচৰৰ পৰা এটা শ্বট লৈছিল যদিও গ’লকীপাৰৰ ভৰিত লাগি লক্ষ্যভ্ৰষ্ট হয়।

আনহাতে আজিৰ পৰাজয়ৰ ফলত দলটোৰ স্থান তালিকাত অৱনমিত হৈ পঞ্চম স্থানত ৰয়গৈ। দলটোৱে ৬খন খেলৰ ৩খনত জয়, ২খনত ড্ৰ আৰু আজিৰখনত পৰাজয়েৰে মুঠ ১১ পইণ্ট পায়। শীৰ্ষত থকা গোৱাৰ পইণ্ট হ’ল ১৩। ইয়াৰ বিপৰীতে আজিৰ জয়েৰে মুঠ ৭খন খেলৰ পৰা মুম্বাই চিটিয়ে ১৩ পইণ্ট লাভ কৰি তৃতীয়ত অৱস্থান কৰিছে।