কাউণ্ট-ডাউন আৰম্ভ : কাইলৈ একেটা দিনতে ভোট আৰু খেল

NorthEastUnited

নৰ্থ-ইষ্ট য়ুনাইটেডৰ ফাইল ফটো।

কাইলৈ, অৰ্থাৎ ৫ ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৰাজ্যৰ ১৬খন জিলাত এই ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

কিন্তু একেটা দিনতে উত্তৰ-পূবৰ ফুটবল অনুৰাগীৰ বিশেষ মনোযোগ থাকিব পাৰে গুৱাহাটীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত। কাৰণ কাইলৈ ইয়াতে ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন কৰি থকা নৰ্থ-ইষ্ট য়ুনাইটেডে খেলিব শীৰ্ষস্থানৰ দল বাংগালুৰু এফ চিৰ বিৰুদ্ধে।

উল্লেখযোগ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ ডাচ্ছ প্ৰশিক্ষক এলকো স্কেটৰি (Eelco Schattorie) আৰু নাইজেৰিয়ান অধিনায়ক বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) ৰ সুনেতৃত্বত ব্যতিক্ৰম ধৰণৰ উন্নত খেল প্ৰদৰ্শন কৰিছে। কাইলৈও ঘৰুৱা খেলপথাৰত দলটোৱে এই সফলতাৰ ধাৰা অব্যাহত ৰখাৰ চেষ্টা কৰিব।

নৰ্থ-ইষ্ট য়ুনাইটেডে এইবাৰ এখন খেলতহে পৰাজিত হৈছে। মুঠ ৯খন খেল খেলি ৫খনত জয় পোৱাৰ বিপৰীতে ৩খন ড্ৰ খেলিছে। দলটোৰ মুঠ পইণ্ট হ’ল ১৮।

আনহাতে বাংগালুৰু এফ চিয়ে এই পৰ্য্যন্ত এখনো খেলত হৰা নাই। ৮খন খেল খেলি মাত্ৰ ১খন ড্ৰ আৰু বাকী ৭খনত জয়ী হৈছে।

কাইলৈ জয়-পৰাজয়ে দল দুটাৰ বৰ্তমান অৱস্থানত কোনো তাৎক্ষণিক প্ৰভাৱ নেপেলায় যদিও বাংগালুৰু এফ চিক হৰুৱাব পাৰিলে নৰ্থ-ইষ্ট য়ুনাইটেডে শীৰ্ষস্থানৰ দলটোৰ সৈতে পইণ্টৰ (২২) ব্যৱধান কমাব পাৰিব। লগতে ইয়াৰ পিছত অৱস্থান লোৱা গোৱাৰ সৈতে ব্যৱধান বৃদ্ধি কৰাৰ সুযোগ পাব। এই মুহূৰ্তত গোৱা আৰু মুম্বাই চিটি মাত্ৰ ১ পইণ্টকৈ পিছ পৰি আছে নৰ্থ-ইষ্ট য়ুনাইটেডতকৈ।

ইপিনে অধিনায়ক অগবেচেইৰো সুযোগ আছে শীৰ্ষ গ’লদাতাৰ অৱস্থান উন্নত কৰাৰ। অধিনায়কজন বৰ্তমান গোৱাৰ ফেৰান কৰমিনাছ (Ferran Corominas)ৰ সৈতে যুটীয়াভাৱে শীৰ্ষ গ’লদাতা (৮টা) হৈ আছে।