NORTHEAST NOW (Assamese)

আতংক; ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল উত্তৰ গুৱাহাটীবাসী

October 24, 2019 6:58 pm · এন ই নাও নিউজ

বৃহস্পতিবাৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে আই আই টি গুৱাহাটীকে ধৰি উত্তৰ গুৱাহাটী বাসী।

উত্তৰ গুৱাহাটীৰ ঔদ্যোগিক অঞ্চলত থকা বটলিং প্ৰকল্পৰ টেংকীৰ পৰা প্ৰায় এঘন্টা সময় ধৰি ৰন্ধন গেছ(এল পি জি) নিৰ্গত হোৱাক কেন্দ্ৰ সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয়।

বটলিং প্ৰকল্পৰ টেংকীৰ পৰা এঘণ্টাত প্ৰায় ৫০০ টন ৰন্ধন গেছ নিৰ্গত হয় বুলি জানিব পৰা গৈছে।

এন পি জি গেছত মূলত প্ৰপেন আৰু বিউটেন থাকে আৰু ই অতিকৈ দাহ্য গেছ যি মুহুৰ্তৰ ভিৰতৰে বৃহৎ অগ্নিকাণ্ডৰ সৃষ্টি কৰিব পাৰে।

প্ৰকল্প কৰ্তৃপক্ষই কাৰিকৰী বিজুতিৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে।

আনহাতে, প্ৰকল্পৰ পৰা নিৰ্গত হোৱা ৰন্ধন গেছৰ বজাৰ মূল্য প্ৰায় আঢ়ৈ কোটি টকাৰ ওচৰা ওচৰি হ’ব বুলি ধাৰণা কৰা হৈছে।

ৰন্ধন গেছ নিৰ্গত হোৱা ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানো উত্তৰ গুৱাহাটী বাসী আতংকিত হৈ আছে।

স্থানীয় লোকসকলে কৰ্তৃপক্ষৰ অবিবেচক কাণ্ডৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে।

Related News