অদমনীয় কিম জং! নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ ঘোষণা কৰিলে উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াই নিজকে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰ বুলি ঘোষণা কৰি এখন আইন গৃহীত কৰিছে। একে সময়তে দেশৰ সৰ্বোচ্চ নেতা কিম জং-উনে এই সিদ্ধান্তক “অপৰিৱৰ্তনীয়” বুলি অভিহিত কৰে আৰু পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ওপৰত যিকোনো আলোচনাৰ সম্ভাৱনা অস্বীকাৰ কৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ৰ উদ্ধৃতি দি বিবিচিয়ে এইকথা প্ৰকাশ কৰিছে। উত্তৰ কোৰিয়াত নতুনকৈ গৃহীত আইনত আত্মৰক্ষাৰ ক্ষেত্ৰত পাৰমাণৱিক আক্ৰমণৰ অধিকাৰো অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: আজি চিনেমা হলত ‘বুলু ফিল্ম’: বিতৰ্কৰ মাজতে বুটলিছে সমালোচকৰ প্ৰশংসা

উল্লেখ্য যে নিষেধাজ্ঞা স্বত্বেও পিয়ংইয়ঙে ২০০৬ আৰু ২০১৭ চনৰ ভিতৰত ছয়টা পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।

২০১৯ চনত তদানীত্বন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে দুটা পৰ্যায়ৰ মীমাংসাহীন বৈঠকৰ পিছত কিম জং-উনে দীৰ্ঘ দূৰত্বৰ মিছাইল উৎক্ষেপণ কৰে আৰু পাৰমাণৱিক পৰীক্ষা চলাইছিল। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত আলোচনা স্থবিৰ হৈ পৰিছে।

লগতে পঢ়ক:Kohinoor Crown: বিদায় ল’লে ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথে; কোনে পাব ৰাণীৰ মুকুটৰ কহিনুৰ?

চলিত বছৰৰ আৰম্ভণিৰ পৰা উত্তৰ কোৰিয়াই কেইবামাহৰ ভিতৰত ইয়াৰ সৰ্ববৃহৎ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল (আইচিবিএম) সহ কেইবাটাও ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰিছে। জুনৰ প্ৰথম সপ্তাহত আমেৰিকা-দক্ষিণ কোৰিয়াৰ সামৰিক অনুশীলনৰ প্ৰতিক্ৰিয়াস্বৰূপে দেশখনে একেলগে আঠটা মিছাইল উৎক্ষেপণ কৰিছিল।