ৰাষ্ট্ৰপতিৰ নিৰ্দেশত গুলীয়াই হত্যা ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক!

KIm_North_Korea_Corona-2002131632

ক’ৰ’না ভাইৰাছত আক্ৰান্ত এজন ৰোগীক গুলীয়াই হত্যা কৰা হৈছে।

ঘটনাটো উত্তৰ কোৰিয়াৰ। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জেং উনৰ নিৰ্দেশত দেশখনৰ প্ৰথমগৰাকী ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীক গুলীয়াই হত্যা কৰা হৈছে বুলি দাবী কৰিছে ছিঙ্গাপুৰৰ এক সংবাদ প্ৰতিষ্ঠানে।

ছিঙ্গাপুৰৰ সংবাদ প্ৰতিষ্ঠানটোৱে দক্ষিণ কোৰিয়াৰ এক সংবাদ প্ৰতিষ্ঠানৰ সংবাদৰ ভিত্তিত এই দাবী কৰা বুলি প্ৰকাশ কৰিছে।

নাম প্ৰকাশত অনিচ্ছুক এক সূত্রই প্ৰকাশ কৰিছে যে ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীজনক সতৰ্কতামূলক বিধি ব্যৱস্থাৰ মাজত থাকিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও ৰোগীজনে সেই নিৰ্দেশনা মনা নাছিল। সেয়ে ৰোগীজনক গুলীয়াই হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে।

উত্তৰ কোৰিয়াৰ এক গোপনীয় উৎসৰ খবৰ ভিত্তিত দক্ষিণ কোৰিয়াৰ দৈনিক কাকত ডঙৰ প্ৰতিবেদনত কোৱা হয় যে চিকিৎসা চলি থকাৰ সময়তে ৰোগীজনে শৌচালয়লৈ গৈ তাৰ পৰাই চিকিৎসালয়ৰ পৰা পলাই যাবলৈ চেষ্টা কৰোতে ৰোগীজনক বন্দী কৰা হয়। আৰু ৰোগীজনৰ পৰা অন্যান্য ব্যক্তিলৈ ক’ৰ’না ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকাত ৰোগীজনক লগে লগে গুলীয়াই হত্যা কৰা হয়।

নিহত ব্যক্তিজন উত্তৰ কোৰিয়াৰ নেশ্যনেল চিকিউৰিটি এজেন্সিত কাম কৰিছিল। ব্যক্তিজন কিছুদিন পূৰ্বে চীন দেশ ভ্ৰমণ কৰিছিল বুলি ডঙৰ প্ৰতিবেদনত কোৱা হৈছে।

অৱেশ্য দক্ষিণ কেৰিয়াৰ দৈনিক কাকত ডং-এ এই তথ্য প্ৰকাশ কৰিছে যদিও উত্তৰ কোৰিয়াৰ প্ৰতিক্ৰিয়া জানিব পৰা হোৱা নাই। ইয়াৰ সত্যতা সম্পৰ্কেও নিশ্চিত হ’ব পৰা নাই। চিৰ বৈৰী ৰাষ্ট্ৰ উত্তৰ কোৰিয়াৰ সম্পৰ্কত দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত ভিত্তিহীন বাতিৰ মাজে মধ্যে প্ৰচাৰ কৰি অহা দেখা যায়।