North Korea tests solid-fuel motor উত্তৰ কোৰিয়াই এক নতুন অস্ত্ৰ প্ৰণালীৰ বাবে এটা অত্যাধুনিক ইঞ্জিনৰ সফলতাৰে পৰীক্ষা সম্পন্ন কৰিছে। শুকুৰবাৰে আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
পিয়ংইয়ংৰ এই ঘোষণা এনে এক সময়ত আহিছে যেতিয়া পাৰমাণৱিক শক্তিসম্পন্ন দেশখনৰ শত্ৰুসকলে নিজৰ মাজত অধিক সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে।
লগতে পঢ়ক: মহাবিদ্যালয়ৰ হোষ্টেলতে আত্মহত্যা অভিযান্ত্ৰিকৰ ছাত্ৰৰ; আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ সংস্থা কেচিএনএ-য়ে শুকুৰবাৰে কয় যে দেশখনৰ পূবত ‘ছোহাই’ উপগ্ৰহ উৎক্ষেপণ ক্ষেত্ৰত কঠিন ইন্ধন চালিত সেই ইঞ্জিন বা মটৰৰ পৰীক্ষা কৰা হৈছিল। উত্তৰ কোৰিয়াই দেশখনৰ নেতা কিম জং-উনৰ পোনপটীয়া তত্বাৱধানত পৰীক্ষাটো অনুষ্ঠিত কৰিছিল।
কেচিএনএ-য়ে লগতে কয় যে পৰীক্ষাবোৰে মটৰৰ নিৰ্ভৰযোগ্যতা আৰু স্থিৰতা প্ৰমাণ কৰিছে আৰু আন এক নতুন প্ৰকাৰৰ কৌশলগত অস্ত্ৰৰ বিকাশত ইয়াৰ ব্যৱহাৰৰ নিশ্চয়তা পোৱা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ কোৰিয়া আৰু জাপানে উত্তৰ কোৰিয়াৰ বিৰুদ্ধে নতুন কঠিন ইন্ধন চালিত মিছাইল বিকশিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে। এনে মিছাইলবোৰ বহুত বেছি স্থিৰ আৰু সেইবোৰ উৎক্ষেপণৰ বাবে বেছি প্ৰস্তুতিৰ প্ৰয়োজন নাই। ফলস্বৰূপে, এই মিছাইলটো নিক্ষেপ নকৰালৈকে কাৰো বাবে একো অনুমান কৰা সম্ভৱ নহ’ব।
লগতে পঢ়ক: সন্দেহতে ১১ জন লোকক ‘হত্যা’! ভুৱা এনকাউণ্টাৰ গোচৰত ৪৩ জন আৰক্ষীক যাৱজ্জীৱন কাৰাদণ্ড
উক্ত দেশসমূহে লগতে দাবী কৰে যে পিয়ংইয়ংয়ে সপ্তম পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰাৰ বাবে ইয়াৰ সামৰিক পাৰমাণৱিক কাৰ্যসূচী তীব্ৰতৰ কৰিছে। উত্তৰ কোৰিয়াৰ পৰা যিকোনো ভাবুকিৰ মোকাবিলা কৰিবলৈ তিনিওখন দেশে সকলো সম্ভৱ ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ দুদিন পিছতে পিয়ংইয়ংৰ নতুন ঘোষণাটো আহিছে।