NORTHEAST NOW (Assamese)

উত্তৰ-পূব কাৰাটেত প্ৰথম দিনাই ১৫টা পদক অৰ্জনেৰে উজলি উঠিল অসমৰ খেলুৱৈ

December 11, 2018 10:24 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সোমবাৰে নাগালেণ্ডৰ ডিমাপুৰত জাক জমকতাৰে শুভাৰম্ভণি হয় ষষ্ঠ সংখ্যক উত্তৰ-পূব কাৰাটে প্ৰতিযোগিতা। উত্তৰ-পূবৰ কাৰাটে খেলুৱৈ সকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে এই খেলৰ আয়োজন কৰা হোৱা বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে।

নাগালেণ্ডৰ ডিমাপুৰৰ চুকভিস্থিত অসম ৰাইফলছৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত প্ৰথম দিনাই অসমৰ দলটিয়ে সাতটা সোণ, পাঁচটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জসহ মুঠ ১৫টা পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

প্ৰতিযোগিতাখনৰ প্ৰথমদিনা অনুষ্ঠিত ছাব জুনিয়ৰ ল’ৰা-ছোৱালীৰ পদকপ্ৰাপ্ত খেলুৱৈসকল হ’ল- স্বৰ্ণ পদক জয় কৰা নমশ্ৰুতি গগৈ, জংকী ডেকা, মৃদুস্মিতা বৰা, ইশ্বিতা কাশ্যপ, টকশীল মজুমদাৰ, অডৱিক মজুমদাৰ আৰু  হেমফু বংজাং।

আনহাতে ৰূপৰ পদক জয় কৰা খেলুৱৈ কেইগৰাকী হ’ল মুগ্ধা বৰুৱা, বন্দনা দাস, সমীৰণ শৰণীয়া, আয়ুষ্মান পাছানি আৰু ঋষিৰাজ সোণোৱাল।  ইয়াৰ উপৰি শ্বেতা হাজৰিকা, উমাংজ্যোতি দাস, গীতগুঞ্জন দাস আৰু জ্যোতিষ্মান কাশ্যপে ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়।

Related News